Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত আৰক্ষী, বেটেলিয়ান, গৃহৰক্ষী জোৱানৰ ভোটদান

হাটশিঙিমাৰীত আৰক্ষী, বেটেলিয়ান, গৃহৰক্ষী জোৱানৰ ভোটদান

ধুবুৰী লোকসভা সমষ্টিৰ অধীনত থকা আৰক্ষী,বেটেলিয়ান আৰু গৃহৰক্ষী জোৱান সকলে পোষ্টেল ভোটৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত আজিৰ পৰা হাটশিঙিমাৰী মহাবিদ্যালয়ত জিলাখনত কৰ্মৰত জোৱান সকলে শান্তিপূৰ্ণভাৱে ভোটাধিকাৰ সাব্যস্ত কৰে। জিলাখনত কৰ্মৰত ধুবুৰী সমষ্টিৰ ৩৯৩ জন জোৱান ভোটাৰ আছে।

আজিৰ পৰা ৩ মে’ লৈ জোৱান সকলে হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিবলৈ ভোটগ্ৰহন কেন্দ্ৰ মুকলি কৰি দিয়া হৈছে। জিলাখনত কৰ্মৰত আন লোকসভা সমষ্টিৰ পোষ্টেল ভোটাৰ সকলে ৩ মে’ৰ পৰা ৬ মে’লৈ এইদৰে ভোটদান কৰিব পাৰিব বুলি জানিব পৰা গৈছে।

ইফালে জিলাখনত শিক্ষক, সাংবাদিকৰ লগতে বিভিন্ন বিভাগত কৰ্মৰত পোষ্টেল ভোটাৰৰ সংখ্যা সহস্ৰাধিক। হাটশিঙিমাৰী মহাবিদ্যালয়ৰ আন এটা ভোটগ্ৰহণ কেন্দ্ৰত বিগত প্ৰায় এসপ্তাহৰ ধৰি উক্ত পোষ্টেল ভোটাৰ সকলৰ ভোটদান কাৰ্যসূচী আব্যাহত আছে। ২ মে’ত জিলাখনৰ সাংবাদিক সকলে পোষ্টেল ভোটৰ জৰিয়তে ভোট কৰিব পাৰিব বুলি জনা গৈছে।

পোষ্টেল ভোটাৰ সকলে ৭ মে’ত অনুষ্ঠিত হ’বলগা নিৰ্বাচনৰ দিনা নিজ কৰ্তব্য পালন কৰিব। সেই বাবে নিৰ্বাচন আয়োগে এইদৰে পোষ্টেল ভোটৰ জৰিয়তে আগতীয়াকৈ ভোটগ্ৰহণৰ ব্যৱস্থা হাতত লৈছে। লক্ষণীয় যে প্ৰথমবাৰৰ বাবে পোষ্টেল ভোটাৰ সকলে এইদৰে সাধাৰণ ভোটাৰৰ দৰে শাৰী পাতি ভোটদান কৰা দেখা পোৱা গ’ল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments