Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়‘আজমল-হিমন্তৰ কৌশলত নহয়, পিতৃ তৰুণ গগৈৰ আদৰ্শতহে ৰাজনীতি কৰো'- গৌৰৱ গগৈ

‘আজমল-হিমন্তৰ কৌশলত নহয়, পিতৃ তৰুণ গগৈৰ আদৰ্শতহে ৰাজনীতি কৰো’- গৌৰৱ গগৈ

দক্ষিণ শালমাৰাৰ টুমনি জনকল্যাণ হাইস্কুল খেলপথাৰত আজি কংগ্ৰেছৰ এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ লগতে গৌৰৱ গগৈ মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলায়।
বিয়লি প্ৰায় ৩.৪৫ বজাত ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ একেখন হেলিকপ্টাৰেৰে সভাস্থলীত আহি উপস্থিত হয়। দক্ষিণ শালমাৰাৰ বিধায়ক হাজী ওৱাজেদ আলী চৌধুৰী, জিলা কংগ্ৰেছৰ সভাপতি সভা মানকাচৰৰ প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলৰ লগতে বিভিন্ন পৰ্যায়ৰ কংগ্ৰেছৰ নেতাসকল এই নিৰ্বাচনী সভাত উপস্থিত থাকি ৰকিবুল হুছেইনৰ ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা হয়।
কংগ্ৰেছৰ এই নিৰ্বাচনী সভাত নতুনকৈ মানকাচৰ সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা দক্ষিণ শালমাৰা-টুমনি এলেকাৰ কেবা সহস্ৰাধিক লোক উপস্থিত আছিল। ৰকিবুল হুছেইন আৰু গৌৰব গগৈ এ আই ইউ ডি এফ আৰু বিজেপিক তীব্ৰ সমালোচনা কৰে। ভাষণ প্ৰসংগত গৌৰৱ গগৈ কয় যে- মই আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ কৌশলত ৰাজনীতি নকৰো। মই মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈৰ আদৰ্শত ৰাজনীতি কৰো
ইফালে ঈদৰ সময়ত গৌৰৱ গগৈয়ে নামাজ পঢ়াক লৈ আজমল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক সমালোচনা কৰা বুলি দাবী কৰি তেওঁ আৰু কয়- মই যোৱা ঈদৰ সময়ত নামাজ পঢ়িছো, ঈদ আহিলে পুনৰ মই নামাজ পঢ়িম। নামাজ পঢ়াৰ বাবে মোক কাৰো অনুমতিৰ প্ৰয়োজন নাই।
 কংগ্ৰেছৰ এই নিৰ্বাচনী সভাখনত যথেষ্ট সংখ্যক সংখ্যালঘু মুছলাম লোকৰ উপস্থিতি দেখি গৌৰব গগৈ আৰু কয়- বিজেপি চৰকাৰে চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে, আমি চৰকাৰত আহিলে মদৰ দোকান বন্ধ কৰি চৰকাৰী বিদ্যালয় খুলি দিম।
 ইফালে যোৰহাট সমষ্টিত গৌৰৱ গগৈ প্ৰতিদ্বন্দিতা কৰাৰ বাবে যোৰহাট সমষ্টি সকলোৰে দৃষ্টি আকৰ্ষণ হৈছে। ধুবুৰী সমষ্টিও যোৰহাট সমষ্টিৰ দৰে সকলোৰে দৃষ্ট আকৰ্ষণ হব বুলি বুলি গৌৰৱ গগৈয়ে দাবী কৰি যোৱা বিধানসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ লগত কৰা মিত্ৰতা কৰাটো কংগ্ৰেছৰ বাবে বৃহৎ ভুল আছিল বুলি মত প্ৰকাশ কৰিছে।
 প্ৰসংগক্ৰমে গৌৰৱ গগৈয়ে কয় যে, বিধানসভাত মিত্ৰতা কৰাৰ বাবে কংগ্ৰেছৰ দখলত থকা মানকাচৰ সমষ্টি এ আই ইউ ডি এফক এৰি দিয়া হৈছিল। এই ভুল শুধৰাবলৈ এইবাৰ মানকাচৰৰ ৰাইজে কংগ্ৰেছক ভোট দিব প্ৰতিশোধ লব লাগিব। লক্ষণীয় যে, মানকাচৰ সমষ্টিত ৰকিবুল হুছেইনে ইতিমধ্যে তিনিটাকৈ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ পাছত আজি চতুৰ্থখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰে।
পূৰ্বৰ তিনিখন সভাৰ দৰে আজিও ৰকিবুল হুছেইনে একেখিনি কথাৰে ভাষণ প্ৰদান কৰি বিজেপি আৰু আজমলক কঠোৰ সমালোচনা কৰে। এই নিৰ্বাচনী সভাখনত বিধায়ক হাজী ওৱাজেদ আলী চৌধুৰীও ভাষণ প্ৰদান কৰে।
 মন কৰিবলগীয়া বিষয় এয়া যে, ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ৩ লাখ। পূৰ্বৰ তিনি সাধাৰণ নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমলে কেবল মানকাচৰ সমষ্টিৰ পৰা অকলে ৬০ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বাকী প্ৰাৰ্থীসকলে ৪০ শতাংশ ভোট লাভ কৰে। ফলত মানকাচৰ সমষ্টিৰ পৰাই প্ৰাৰ্থী জনৰ জয় পৰাজয়ৰ হিচাপ ওলাই পৰে।
এইবেলি নিৰ্বাচন ঘোষণা হোৱাৰ পাছত কংগ্ৰেছে এতিয়ালৈ চাৰিটাকৈ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ বিপৰীতে জাবেদ ইছলামে এতিয়ালৈ কোনো ডাঙৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰা নাই। একেদৰে তিনিবাৰৰ বাবে জয়লাভ কৰা সাংসদ মৌলানা বদৰুদ্দিন আজমলো নিৰ্বাচন ঘোষণা হোৱাৰ পাচত এতিয়ালৈ মানকাচৰ সমষ্টিত কোনো নিৰ্বাচনী সভা অনুষ্ঠিত কৰা নাই।
কংগ্ৰেছৰ দৰে অগপ আৰু এ আই ইউ ডি এফে নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ পাছত সাধাৰণ ৰাইজে প্ৰাৰ্থী দুজনক কিদৰে সহাৰি জনায় সেয়া সভা অনুষ্ঠিত হোৱাৰ পাছতহে স্পষ্ট হব যদিও পূৰ্বৰ তুলনাত বদৰুদ্দিন আজমলৰ ভোটৰ হাৰ হ্ৰাস হোৱাৰ লগতে জাবেদ ইছলাম আৰু কংগ্ৰেছৰ ভোট বৃদ্ধি পাব বুলি ভিন্ন ঠাইত আলোচিত হোৱা দেখা যায়।
RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments