Saturday, July 27, 2024
Google search engine
গৃহক্ৰীড়াহাটশিঙিমাৰীত নতুন ভোটাৰৰ মাজত প্ৰীতি ফুটবল । নতুন ভোটাৰক ভোটদানৰ বাবে...

হাটশিঙিমাৰীত নতুন ভোটাৰৰ মাজত প্ৰীতি ফুটবল । নতুন ভোটাৰক ভোটদানৰ বাবে আকৰ্ষণ কৰাৰ প্ৰয়াস জিলা প্ৰশাসনৰ

নতুন ভোটাৰক ভোটদানৰ বাবে আকৰ্ষণ কৰিবলৈ আজি হাটশিঙিমাৰী নতুন ভোটাৰৰ মাজত এখন প্ৰীতি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি বিয়লি ৪ বজাত হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত দুটা নতুন ভোটাৰৰ ফুটবল দলৰ মাজত প্ৰীতি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা অতিৰিক্ত আয়ুক্ত ৰিপোন জ্যোতি নাথ, জিলা সহকাৰী আয়ুক্ত ইন্দ্ৰজিত দাস, জিলা ক্ৰীড়া বিষয়া ৰাহুল কুমাৰ শৰ্মাৰ উপস্থিতিত বগা আৰু হালধীয়া ৰং জাৰ্চিৰ নতুন ভোটাৰৰ ফুটবল দলৰ মাজত প্ৰীতি খেলখন অনুষ্ঠিত কৰা হয়। খেলখনত হালধীয়া জাৰ্চিৰ নতুন ভোটাৰ ফুটবল দল ২-১ গ’লৰ ব্যৱধানত জয়লাভ কৰে। অহা ৭ মে’ তাৰিখে অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰথম বাৰৰ বাবে ভোটদান কৰিবলগীয়া নতুন ভোটাৰ সকলে যাতে পুৱা ৭ বজাৰ নিজৰ নিজৰ ভোটগ্ৰহন কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে তাৰ বাবে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই জিলাবাসীক আহ্বান জনাইছে।

লক্ষণীয় যে, বাংলাদেশ সীমান্তৱৰ্তী জিলাখনতৰ স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোটগ্ৰহন কেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজত ভোটগ্ৰহন অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাই গৈছে। পূৰ্বৰ নিৰ্বাচন সমূহত জিলাখনত ভোটদানৰ হাৰ ৯০ শতাংশতকৈ অধিক হৈ আহিছে। এইবেলিও জিলাখনত ভোটদানৰ হাৰ ৯০ শতাংশৰ ওপৰত হ’ব বুলি জিলা প্ৰশাসনে আশা প্ৰকাশ কৰিছে। ৭ মে’ তাৰিখে শান্তিপূৰ্ণ ভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে তৎপৰতা তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments