Friday, October 18, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত অগপৰ নিৰ্বাচনী কাৰ্যালয় মুকলি । অগপ প্ৰাৰ্থী জাবেদ ইছলামৰ পত্নীও ব্যস্ত...

হাটশিঙিমাৰীত অগপৰ নিৰ্বাচনী কাৰ্যালয় মুকলি । অগপ প্ৰাৰ্থী জাবেদ ইছলামৰ পত্নীও ব্যস্ত নিৰ্বাচনী প্ৰচাৰত

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে ৰাজনৈতিক দলৰ নেতা-কৰ্মী আৰু প্ৰাৰ্থীৰ মাজত ব্যস্ততা সিমানে বৃদ্ধি পাবলৈ ধৰিছে। ধুবুৰী লোকসভা সমষ্টিৰ অধীনস্থ মানকাচৰ বিধানসভা সমষ্টিৰ হাটশিঙিমাৰীত কালি অগপৰ এখন নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। অগপৰ প্ৰাৰ্থী জাবেদ ইছলামৰ পত্নী হাছিনা ইছলামে এই কাৰ্যালয়খন মুকলি কৰে। জাবেদ ইছলামৰ পত্নী হাছিনা ইছলাম স্বামীৰ সমান্তৰাল ভাৱে বিভিন্ন ঠাইত সভা-সমিতি পাতি জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে। প্ৰতিদিনে ৫-৬ টা স্থানত হাছিনা ইছলামে নিৰ্বাচনী প্ৰচাৰ চলোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। লক্ষণীয় যে, পূৰ্বেও জাবেদ ইছলাম কেবাবাৰো বিধানসভা আৰু এবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদন্দিতা কৰিছিল। পূৰ্বৰ নিৰ্বাচন সমূহ জাবেদ ইছলামৰ পত্নীক এইদৰে বিশেষ ভাৱে নিৰ্বাচনী প্ৰচাৰ দেখা পোৱা যোৱা নাছিল যদিও এইবেলি তেঁওৰ প্ৰচাৰ কাৰ্যত অগপ ভালেখিনি সফলতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। জাবেদ ইছলামৰ পুত্ৰও এইবেলি নিৰ্বাচনী প্ৰচাৰ ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। মানকাচৰ বিধানসভা সমষ্টিৰ অধীনস্থ মানকাচৰৰ বাসিন্ধা জাবেদ ইছলাম এইবেলি ধুবুৰী লোকসভা সমষ্টিত তিনিবাৰৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী ৰকিবুল হুছেইনক কিদৰে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হয় সেয়া নিৰ্বাচনৰ ফলাফলতহে স্পষ্ট হ’ব।

    লক্ষণীয় যে, জাবেদ ইছলামৰ পত্নী হাছিনা ইছলাম কালি নিৰ্বাচনী কাৰ্যালয়খন মুকলি কৰাৰ পাচত নতুন কাৰ্যালয়ত এখন উদ্ধোধনী সভা অনুষ্ঠিত কৰে। এই সভাখনত অগপ-বিজেপিৰ নেতাসকল উপস্থিত আছিল। অগপ আৰু বিজেপিত থাকিও একাংশ নেতা দল বিৰোধী কাৰ্যকলাপ কৰি অহা বুলি হাছিনা ইছলামে দাবী কৰি কয় যে, যিজন নেতা জাবেদ ইছলামৰ সৈতে মিৰ্জাফৰি কৰিব তেওঁ গোপনে মিৰ্জাফৰি বন্ধ কৰি পোহৰলৈ আহি অপেন বিৰোধিতা কৰক। দলত থাকি দলৰ ক্ষতি আল্লাহ ক্ষমা নকৰে বুলিও হাছিনা ইছলামে মত প্ৰকাশ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments