Sunday, September 15, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰী-মানকাচৰত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে সামূহিক সজাগতা কাৰ্যসূচী

হাটশিঙিমাৰী-মানকাচৰত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে সামূহিক সজাগতা কাৰ্যসূচী

গাওঁ প্ৰধান, ফেৰী আৰু নাওঁ চালকক প্ৰশিক্ষণ প্ৰদান

দক্ষিণ শালমাৰা-মানকাচৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ উদ্বোগত গুৱাহাটীৰ পাটগাওঁস্থিত ১ নং বেটেলিয়ান এন ডি আৰ এফ বাহিনীয়ে দুদিনীয়া কাৰ্যসূচীৰে হাটশিঙিমাৰী আৰু মানকাচৰত দূৰ্যোগ ব্যৱস্থাপনাৰ সামূহিক সজাগতা কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ গাওঁ প্ৰধান, ফেৰী চালক আৰু নাওঁ চালক সকলক প্ৰশিক্ষণ প্ৰদান কৰে।

উল্লেখযোগ্য যে আজি  হাটশিঙিমাৰীৰ মলাখোৱা গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত জিলাখনৰ মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনস্থ ব্যক্তিগত খণ্ডৰ ফেৰী আৰু নাওঁ চালক সকলক দূৰ্যোগ ব্যৱস্থাপনাৰ বাবে সামহিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণত মানকাচৰ ৰাজহ চক্ৰৰ ফিল্ড অফিচাৰ শ্বৰিফুল ইছলাম, গুৱাহাটীৰ পাটগাওঁৰ ১ নং বেটেলিয়ান এন ডি আৰ এফৰ ইনেছপেক্টৰ ইন্দ্ৰ মহন সিঙৰ লগতে ৪ জনীয়া প্ৰশিক্ষকৰ দল আৰু কেবাগৰাকী স্থানীয় গাওঁ প্ৰধান উপস্থিত আছিল। এন ডি আৰ এফৰ চাৰিজনীয়া প্ৰশিক্ষকৰ দলে নাওঁ আৰু ফেৰী চালক সকলক দূৰ্যোগৰ সময়ত সাৱধানতা আৰু যাত্ৰীক উদ্ধাৰ সম্পৰ্কে সামূহিক প্ৰশিক্ষণ প্ৰদান কৰে। 

মন কৰিবলগীয়া যে কালিও মানকাচৰ প্ৰেক্ষাগৃহত মানকাচৰ ৰাজহ চক্ৰৰ অধীনত থকা প্ৰায় ৭০ গৰাকী গাওঁ প্ৰধানক একেধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। কাইলৈৰ পৰা পুনৰ দুদিনীয়া কাৰ্যসূচীৰে জিলাখনৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰ এলেকাতো গাওঁ প্ৰধান আৰু নাওঁ চালক সকলক প্ৰশিক্ষণ প্ৰদান কৰা হব বুলি ১ নং বেটেলিয়ান এন ডি আৰ এফৰ ইনেছপেক্টৰ ইন্দ্ৰ মহন সিঙে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments