Tuesday, September 17, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ কালাপানীত ৬ টা চোৰাং গৰু সহ গ্ৰেপ্তাৰ তিনিজন

মানকাচৰৰ কালাপানীত ৬ টা চোৰাং গৰু সহ গ্ৰেপ্তাৰ তিনিজন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কালাপানী আৰক্ষী চকী এলেকাৰ অধীনস্থ তেলঢালা আৰু বাঘাপাৰা এলেকাত কালি বিয়লি প্ৰায় ৪ বজাত আৰক্ষীয়ে এক অভিযানৰ জৰিয়তে ৬ টা চোৰাং গৰু সহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে এক গোপন সুত্ৰৰ ভিত্তীত কালাপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ছামছুল হকৰ নেতৃত্বত আৰক্ষীৰ দল এটা অসম-মেঘালয় সীমান্তৱৰ্তী তেলঢালা আৰু বাঘাপাৰা এলেকাত অভিযান চলায়। এই অভিযানৰ জৰিয়তে বাংলাদেশ সীমান্তৰ ফালে নি থকা ৬ টা চোৰাং গৰু জব্দ কৰি তিনি সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে জেৰাৰ পাচত তিনিওজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত সৰবৰাহকাৰী তিনিজনক মানকাচৰ থানা এলেকাৰ অধীনস্থ পাথুৰীয়া গাঁৱৰ প্ৰয়াত গোলাপ উদ্দীন মনিৰুল ইছলাম, ঝাউডাঙা গাঁৱৰ প্ৰয়াত জয়নাল হকৰ পুত্ৰ আজিদুল ইছলাম  আৰু ঝালৰচৰ গাঁৱৰ নুৰুজ্জামাল সেখৰ পুত্ৰ ৰমজানুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। আজি তিনিওজন সৰবৰাহকাৰীক হাটশিঙিমাৰী মুখ্য ন্যায়াধীশ আদালতত হাজিৰ কৰাত আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments