Friday, September 20, 2024
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰাত হত্যাৰ অভিযুক্ত মমিনুৰ ইছলামক গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰাত হত্যাৰ অভিযুক্ত মমিনুৰ ইছলামক গ্ৰেপ্তাৰ

চাৰি বছৰ পূৰ্বে অপহৰণ কৰি হত্যা কৰা আনোৱাৰ হুছেইনৰ অভিযুক্ত হত্যাকাৰী মমিনুৰ ইছলামক গ্ৰেপ্তাৰ কৰিছে দক্ষিণ শালমাৰা আৰক্ষীয়ে। উল্লেখযোগ্য যে, যোৱা ২০১৯ চনৰ ডিচেম্বৰ মাহত দক্ষিণ শালমাৰাৰ আনোৱাৰ হুছেইন নামৰ লোকজনক মনিনুল ইছলামে অপহৰণ কৰি হত্যা কৰাৰ পাচত আত্মগোপন কৰিছিল বুলি আৰক্ষীয়ে অভিযোগ লাভ কৰিছে। পৰিয়ালৰ লোকে দক্ষিণ শালমাৰাত দিয়া এজাহাৰৰ ভিত্তীত আৰক্ষীয়ে অনুসন্ধান চলাই চলাই অৱশেষত যোৱা ১৩ ডিচেম্বৰত দক্ষিণ শালমাৰা থানাৰ উপ আৰক্ষী অধীক্ষক জয়ন্ত ৰাজখোৱাৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযুক্ত হত্যাকাৰী মমিনুলক হাটশিঙিমাৰীৰ আছামেৰ আলগাস্থিত নিজৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে হত্যাকাৰী মমিনুলক আদালতত হাজিৰ কৰাত অধিক তদন্তৰ বাবে ৭ দিনৰ জিম্মাত দিছিল। আজি ৭ দিন সময় সমাপ্ত হোৱাৰ পাচত পুনৰ আদালতত হাজিৰ কৰাত আদালতে হত্যাকাৰী মমিনুল ইছলামক ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments