Tuesday, September 17, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত ৩২ শতাংশ ৰেচন কাৰ্ড হিতাধিকাৰীয়ে পোৱা নাই বিনামূলীয়া চাউল

মানকাচৰত ৩২ শতাংশ ৰেচন কাৰ্ড হিতাধিকাৰীয়ে পোৱা নাই বিনামূলীয়া চাউল

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আজি অক্টোবৰ মাহৰ ২৬ তাৰিখ অতিক্ৰম কৰাৰ পাচতো সমবায় সমিতি সমূহৰ পৰা ৩২ শতাংশ ৰেচন কাৰ্ড হিতাধিকাৰীক ৰহস্যজনক ভাবে চাউল বিতৰণ নকৰাক লৈ ৰাইজৰ দলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে।

উল্লেখযোগ্য যে ৰাজ্যৰ আন আন জিলাত অক্টোবৰ মাহৰ বাবে ইতিমধ্যে ৯০ শতাংশতকৈ অধিক হিতাধিকাৰীক বিনামূলীয়া চাউল বিতৰণ কৰা হৈছে যদিও দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আজি ২৬ অক্টোবৰলৈ মাত্ৰ ৬৮ শতাংশ হিতাধিকাৰীকহে চাউল বিতৰণ কৰা হৈছে। লক্ষণীয় যে প্ৰতিমাহে ছাউথ বেংক মাল্টি পাৰ্পছ ছোটাইটিয়ে জিলাখনৰ সমবায় সমিতি সমূহত চাউল যোগান ধৰাৰ পাচত সমবায় সমিতিৰ পৰা এজেণ্ট সকললৈ চাউল বিতৰণ কৰা হয়। পৰবৰ্তী সময়ত এজেণ্ট সকলে ৰেচন কাৰ্ড হিতাধিকাৰী সকলৰ মাজত চাউল বিতৰণ কৰে। প্ৰতি মাহৰ ১৫ তাৰিখৰ ভিতৰত হিতাধিকাৰী সকলক চাউল বিতৰণৰ বাবে চৰকাৰে ইতিমধ্যে নিৰ্দেশা প্ৰদান কৰিছে যদিও তাতপৰ্যপূৰ্ণ ভাবে আজি ২৬ অক্টোবৰ তাৰিখ অতিক্ৰম কৰাৰ পাচতো জিলাখনত এই পৰ্যন্ত মাত্ৰ ৬৮ শতাংশ হিতাধিকাৰীকহে চাউল বিতৰণ কৰা হৈছে। বিপৰীতে বাকী ৩২ শতাংশ হিতাধিকাৰীক চাউল বিতৰণ নকৰাত হিতাধিকাৰী সকল সুলভ মূল্যৰ বিনামূলীয়া চাউলৰ পৰা বঞ্চিত হবলগীয়া হৈছে।

 ঘটনাক লৈ ৰাইজৰ দলৰ জিলা সমিতিয়ে কালি হাটশিঙিমাৰী জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে। ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ অধিবক্তা আনিছুৰ ৰহমানে ছাউথ বেংক মাল্টি পাৰ্পছ ছোছাইটিৰ ঠিকাদাৰৰ বিৰুদ্ধে দূৰ্নীতি আৰু গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments