Monday, December 2, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰী-বাংলাদেশ সীমান্তত ১২ টা চোৰাং পশুধন জব্দ

হাটশিঙিমাৰী-বাংলাদেশ সীমান্তত ১২ টা চোৰাং পশুধন জব্দ

হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙাত কালি পুৱতি নিশা প্ৰায় ২ বজাত আৰক্ষীয়ে এক অভিযানৰ জৰিয়তে ৬ টা চোৰাং পশুধন জব্দ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে আন আন নিশাৰ দৰে কালি নিশাও বাংলাদেশ সীমান্তৱৰ্তী এলেকাত চোৰাং পশুধনৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়। সীমান্তৱৰ্তী কোকৰাডাঙাৰ গাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰত সৰবৰাহকাৰীৰ দল এটা নদী পথেৰে পশুধন সৰবৰাহ কৰাৰ যো-যা কৰি থকা সময়ত আৰক্ষী উপস্থিত হোৱা দেখি আৰক্ষীৰ চকুত ধূলি দি সৰবৰাহকাৰীৰ দলটো পলায়ন কৰে। খাৰুৱাবান্ধা আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মাত্ৰ ৬ টা চোৰাং পশুধন জব্দ কৰিবলৈ সক্ষম । জব্দ কৰা পশুধন কেইটাৰ ভিতৰত ২ টা গৰু আৰু চাৰিটা ম’হ বুলি আৰক্ষী সুত্ৰে প্ৰকাশ কৰিছে। ইফালে হাতীৰচৰ বি এছ এফে ৬ টা চোৰাং ম’হ জব্দ কৰি সুখচৰ আৰক্ষীক গতাই দিয়া বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments