Monday, September 16, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ সাহাপাৰা কেম্পত BSF ৰ ছিভিক একছন

মানকাচৰৰ সাহাপাৰা কেম্পত BSF ৰ ছিভিক একছন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত থকা মানকাচৰৰ সাহাপাৰা বিএছএফ কেম্পত আজি দূপৰীয়াৰ ভাগত ৪৫ নং বেটেলিয়ান বিএছএফে এক ছিভিক একশ্বন কাৰ্যসূচীৰ জৰিয়তে কানাইমাৰা আৰু মানকাচৰ পশ্চিম গাওঁ পঞ্চায়তৰ দুটা কমিউনিটি হলত চকী আৰু মেজ বিতৰণ কৰে। ৪৫ নং বেটেলিয়ান বিএছএফৰ ট্যু আই চি- এম কে টি চিমটি (MKT Chemte, 2 IC) এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সামগ্ৰী খিনি বিতৰণ কৰে। দুয়োখন কমিউনিটি হলত ৩৩ খনকৈ চকী আৰু ৮ খনকৈ প্লাষ্টিকৰ মেজ বিতৰণ কৰা হৈছে। আন্তৰাষ্ট্ৰীয় সীমান্তত অপৰাধ দমৰ উদ্দেশ্যে সীমান্তৱৰ্তী এলেকাৰ সাধাৰণ লোকৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিবলৈ ৪৫ নং বেটেলিয়ান বিএছএফে এইদৰে ছিভিক একশ্বন কাৰ্যসূচী আনুষ্ঠিত কৰি অহা পৰিলক্ষিত হৈছে। জিলাখনৰ আন কেবাটাও স্থানত বিএছএফে ছিভিক একশ্বন কাৰ্যসূচীৰ অংশ হিচাপে সীমান্তৱৰ্তী বিদ্যালয়ৰ শিক্ষাৰ্থীক খেল আৰু অধ্যন সামগ্ৰী বিতৰণ কৰাৰ লগতে বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি আহিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments