Monday, September 16, 2024
Google search engine
গৃহস্থানীয়ফকিৰগঞ্জৰ শালকাটাত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন

ফকিৰগঞ্জৰ শালকাটাত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন

আজি বিয়লি প্ৰায় ৪ বজাত ফকিৰগঞ্জ আৰক্ষীৰ দল এটা গোপন সুত্ৰৰ ভিত্তীত শালকাটাত ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহত পৰিমানৰ নিচাযুক্ত সামগ্ৰী সহ এজনক গ্ৰেপ্তাৰ কৰিছে।

প্ৰাপ্ত বাতৰি মতে, ফকিৰগঞ্জ থানাৰ পৰিদৰ্শক অংকুৰ জ্যোতি বৰা আৰু ছুনু বৰ্মণৰ নেতৃত্বত আৰক্ষীৰ দল এটা শালকাটা বজাৰত অভিযান চলায়। মনেৰ আলী নামৰ লোকজনৰ তীৰ কাউণ্টাৰৰ পৰা আৰক্ষীয়ে ৪১ বটল কফ ছিৰাফ আৰু ১২০০ টা নিচাযুক্ত টেবলেট আৰক্ষীয়ে উদ্ধাৰ কৰি জব্দ কৰিছে। ইতিমধ্যে মনেৰ আলীক আৰক্ষীয়ে আটক কৰি জেৰাৰ পাচত গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। মনেৰ আলী নিজৰ তীৰ জুৱাৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ লগতে নিচাযাতীয় সামগ্ৰী বিক্ৰী কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। অৱশেষত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীজনক আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments