Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন

হাটশিঙিমাৰীত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত খাৰুৱাবান্ধা আৰক্ষীয়ে যোৱা নিশা প্ৰায় ৯ বজাত অভিযান চলাই বৃহত পৰিমানৰ নিচাযুক্ত টেবলেট সহ এজনক গ্ৰেপ্তাৰ কৰিছে।

প্ৰাপ্ত বাতৰি মতে, গোপন সুত্ৰৰ ভিত্তীত খাৰুৱাবান্ধা আৰক্ষীৰ উপ পৰিদৰ্শক জাকাৰীয়া জাফৰি আৰু কৌশিক দত্তৰ নেতৃত্বত আৰক্ষীৰ দল এটা হাটশিঙিমাৰীৰ জাহে উদ্দীনৰ ঘৰত অভিযান চলায়। আৰক্ষীয়ে ঘৰখনৰ পৰা ১০৩২ টা নিচাযুক্ত টেবলেট জব্দ কৰি ড্ৰাগছ সৰবৰাহকাৰী ছাহজাহান আলীক গ্ৰেপ্তাৰ কৰিছে। ধৃত সৰবৰাহকাৰী ছাহজাহানক আজি হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰাত আদালতে অধিক তদন্তৰ বাবে চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়া বুলি খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গিতাৰ্থ চৌধুৰীয়ে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments