মানকাচৰ থানা এলেকাৰ অধীনস্থ কুছনিমাৰা বজাৰত নুৰ আলম নামৰ ব্যৱসায়ীজনৰ দোকানৰ পৰা চোৰে এটা নতুন মোবাইল চুৰি কৰাৰ ঘটনা চিচি কেমেৰাত আবদ্ধ হৈছে। দোকানী জনে কিছু সময়ৰ বাবে অন্য দোকানত যোৱাৰ পাচত চোৰে সুযোগ গ্ৰহন কৰি মোবাইল চুৰি কৰে। ইতিমধ্যে ব্যৱসায়ী নুৰ আলম মানকাচৰ থানাত এজাহাৰ দাখিল কৰি চিচি টিভি ফুটেজ আৰক্ষীক জমা দিছে বুলি জানিব পৰা গৈছে। চিচি কেমেৰা থকাৰ পাচতো চোৰে এইদৰে মোবাইল চুৰি কৰা ঘটনাক লৈ বজাৰখনত চাঞ্চল্যৰ সৃষ্টি হৈছে। চোৰ চিনাক্তকৰণৰ বাবে আৰক্ষীয়ে তদন্ত চলাই থকা পৰিলক্ষিত হৈছে।