Tuesday, September 17, 2024
Google search engine
গৃহস্থানীয়সপ্তমীৰ দিনা মানকাচৰৰ বিভিন্ন প্ৰান্তত অবৈধ সুৰা জব্দ

সপ্তমীৰ দিনা মানকাচৰৰ বিভিন্ন প্ৰান্তত অবৈধ সুৰা জব্দ

উল্লেখযোগ্য যে জিলা আৰক্ষী অধীক্ষক হৰেন টকবীৰ এক নিৰ্দেশ মতে মানকাচৰ থানা এলেকাৰ অধীনস্থ দাসপাৰা, কাকৰিপাৰা আৰু মিস্ত্ৰীপাৰা এলেকাত মানকাচৰ আৰক্ষীয়ে আজি সন্ধিয়া প্ৰায় ৭ বজাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায়। একাংশ লোকৰ ঘৰ আৰু পান দোকানৰ পৰা অবৈধ ভাবে বিক্ৰী কৰা ১১১ বটল অবৈধ বিলাতী সুৰা আৰক্ষীয়ে উদ্ধাৰ কৰে যদিও আৰক্ষীক দেখি অবৈধ সুৰা বিক্ৰী কৰা চোৰাং ব্যৱসায়ী সকল পলায়ন কৰে। আৰক্ষীয়ে বৰ্তমানে সুৰাখিনি জব্দ কৰি মানকাচৰ থানাত জমা কৰিছে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত শান্তিপূৰ্ণ ভাবে দুৰ্গোৎসৱ উদযাপন কৰিবলৈ শুনিবাৰে সন্ধিয়াৰ ভাগত মানকাচৰ আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কেবাটাও এলেকাত অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰা জব্দ কৰিছে।

উল্লেখযোগ্য যে জিলা আৰক্ষী অধীক্ষক হৰেন টকবীৰ এক নিৰ্দেশ মতে মানকাচৰ থানা এলেকাৰ অধীনস্থ দাসপাৰা, কাকৰিপাৰা আৰু মিস্ত্ৰীপাৰা এলেকাত মানকাচৰ আৰক্ষীয়ে আজি সন্ধিয়া প্ৰায় ৭ বজাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায়। একাংশ লোকৰ ঘৰ আৰু পান দোকানৰ পৰা অবৈধ ভাবে বিক্ৰী কৰা ১৩১ বটল অবৈধ বিলাতী সুৰা আৰক্ষীয়ে উদ্ধাৰ কৰে যদিও আৰক্ষীক দেখি অবৈধ সুৰা বিক্ৰী কৰা চোৰাং ব্যৱসায়ী সকল পলায়ন কৰে। আৰক্ষীয়ে বৰ্তমানে সুৰাখিনি জব্দ কৰি মানকাচৰ থানাত জমা কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments