Wednesday, September 18, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত ৪২ টা স্থানত দুৰ্গাপূজাৰ আয়োজন

মানকাচৰত ৪২ টা স্থানত দুৰ্গাপূজাৰ আয়োজন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মুঠ ৪২ টা স্থানত দুৰ্গাপূজাৰ ব্যাপক আয়োজন কৰা হৈছে। শুক্ৰবাৰে ৪২ টা পূজা মণ্ডপত দিনৰ ১১ বজাৰ পূৰ্বে পূৰহি সকলে ষষ্ঠীৰ পূজা অনুষ্ঠিত কৰা হয়। জিলাৰ সদৰ হাটশিঙিমাৰীৰ অসম-মেঘালয় সীমান্তৱৰ্তী থানাপাৰা মন্দিৰত দিনৰ প্ৰায় ১২.৩০ বজাৰ পৰা ষষ্ঠীৰ পূজা অনুষ্ঠিত কৰা হৈছে। প্ৰতিখন পূজা মণ্ডপৰ বেদীত সন্ধিয়া ৭ বজাত স্থাপন কৰা হয় মা দুৰ্গাৰ প্ৰতিমা। কালি জিলাখনৰ মণ্ডপে মণ্ডপে সপ্তমি অনুষ্ঠিত কৰা হব। দিনৰ ৭ বজাৰ পৰা বিয়লি ২ বজালৈ সপ্তমীৰ কাৰ্যসূচীৰে দেবীক আৰাধনা কৰা হব। ভাৰত-বাংলাদেশ সীমান্তবৰ্তী মানকাচৰৰ নিউ সাহাপাৰা মন্দিৰত এইবেলি ৫০ বছৰীয়া পৰণি দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। ১৯৭৩ চনৰ পৰা এই মন্দিৰখনত দূৰ্গাপূজাৰ আয়োজন কৰি অহা হৈছে। এইবেলি সোনালী জয়ন্তী আৰু দুৰ্গাপূজা একেলগে উদযাপন কৰিবলৈ লোৱা হৈছে। প্ৰতি বছৰে এই মন্দিৰ খনত যথেষ্ট সংখ্যক ভক্তপ্ৰাণ লোকৰ সমাগম হয়। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ তুৰাৰ লগতে গাৰো পাহাৰৰ বিভিন্ন এলেকাৰ পৰাও ভক্তপ্ৰাণ লোক সকল এই মন্দিৰত উপস্থিত হৈ দেবীৰ আৰাধণা কৰে বুলি পুজাৰী জনে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments