Friday, September 13, 2024
Google search engine
গৃহস্থানীয়আজি ষষ্ঠী, সন্ধিয়া বেদীত স্থাপিত হ'ব মা দুৰ্গাৰ প্ৰতিমা

আজি ষষ্ঠী, সন্ধিয়া বেদীত স্থাপিত হ’ব মা দুৰ্গাৰ প্ৰতিমা

ৰাজ্যৰ চৌদিশে এতিয়া পূজাৰ ব্যস্ততা। মানকাচৰৰ প্ৰায় অৰ্ধশতাধিক পূজাস্থলীত আজি পুৱা ১১ বজাৰ পূৰ্বে ষষ্ঠী পূজাৰ অনুষ্ঠিত কৰা হয়। আজি সন্ধিয়া দেৱীৰ আমন্ত্ৰণ, অধিবাস। এক সম্পূর্ণ আধ্যাত্মিক পৰিৱেশত আজি সন্ধিয়া ৭ বজাত মানকাচৰৰ পূজাৰ বেদিত স্থাপিত কৰা হ’ব দেৱী দশভূজাৰ মৃন্ময় প্ৰতিমা। বস্ত্ৰ, আ-অলংকাৰেৰে সজাই তোলা হ’ব দেৱীৰ প্ৰতিমা। সন্ধিয়া দেৱীৰ বন্দনাৰে মুখৰিত হ’ব দেশ তথা ৰাজ্যৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আকাশ-বতাহ।

ইতিমধ্যে মহালয়াৰ পবিত্ৰ ক্ষণত দেৱীৰ মত্যলৈ আগমনৰ লগে লগে আৰম্ভ হৈছে নৱৰাত্ৰি ব্ৰত। দেৱীৰ পূজাৰ অন্তত ২৪ অক্টোবৰত হ’ব দশমীৰ বিহিত পূজা আৰু দেৱী বিসৰ্জন। ঘোৰাত উঠি ধৰাৰ পৰা গমন কৰিব দেৱীয়ে। উল্লেখ্য যে, মানকাচৰৰ বিভিন্ন স্থানত প্ৰায় ৫০ খন পূজা মণ্ডপত পূজা কৰা হ’ব দেৱী দুৰ্গাক। ভক্তপ্ৰাণ ৰাইজ ইতিমধ্যে সাজু হৈছে মা দুৰ্গাক আৰাধনা কৰিবলৈ।

    হাটশিঙিমাৰীৰ থানাপাৰা মন্দিৰতো চলিছে ব্যাপক প্ৰস্তুতি। সন্ধিয়া বেদীত দেৱীক স্থাপনৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰা হৈছে। পূজাৰী ৰাজা গাঙ্গুলীয়ে ষষ্ঠী পুজা অনুষ্ঠিত কৰি এইদৰে নিজৰ অনুভৱ প্ৰকাশ কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments