Tuesday, September 17, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰী-বাংলাদেশ সীমান্তৰ বৰাইৰ আলগাত ১৪ টা চোৰাং পশুধন জব্দ

হাটশিঙিমাৰী-বাংলাদেশ সীমান্তৰ বৰাইৰ আলগাত ১৪ টা চোৰাং পশুধন জব্দ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰৰ পৰা মাত্ৰ প্ৰায় ৩ কিলোমিটাৰ নিলগত থকা ভাৰত-বাংলাদেশ সীমান্তৰ বৰাইৰ আলগাত বিএছএফে আজি পুৱতি নিশা ১৪ টা চোৰাং পশুধন জব্দ কৰিছে।

উল্লেখযোগ্য খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ বৰাইৰ আলগা বিএছএফ কেম্পৰ ৪৫ নং বেটেলিয়ান বিএছএফে নদী আৰু চৰ সীমান্তত টহল দি থকা অৱস্থাত ১৪ টা চোৰাং পশুধন জব্দ হয়। বিএছএফে সীমান্তত যন্ত্ৰচালিত নাওঁযোগে নদী সীমান্তত টহল দি থকা অৱস্থাত সৰবৰাহকাৰীৰ দল এটা নদী পথেৰে পশুধন কেইটা সীমান্তয়েদি বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চলায়। তেনে সময়ত বিএছএফে ১১ টা ম’হ আৰু ৩ টা গৰু সহ মুঠ ১৪ টা চোৰাং পশুধন ব্ৰহ্মপুত্ৰৰ মাজৰ পৰা উদ্ধাৰ কৰি জব্দ কৰিছে। বিএছএফৰ এই পশুধন উদ্ধাৰ অভিযানৰ সুযোগ লৈ সৰবৰাহকাৰীৰ দলটো সীমান্তৰ পৰা পলায়ন কৰে। বিএছএফে চোৰাং পশুধন কেইটা খাৰুৱাবান্ধা আৰক্ষী চকীত জমা কৰাত আৰক্ষীয়ে গৰু কেইটা জব্দ কৰি গোশালাত জমা কৰিছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments