Sunday, September 15, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত শাশুয়েকক হত্যা কৰি জোৱায়েকে ঘৰৰ ভিতৰত পুিত থ'লে মৃতদেহ

মানকাচৰত শাশুয়েকক হত্যা কৰি জোৱায়েকে ঘৰৰ ভিতৰত পুিত থ’লে মৃতদেহ

মানকাচৰ থানা এলেকাৰ অধীনস্থ ওখৰাবাৰী গাঁৱৰ মনোৱাৰ হুছেইন নামৰ লোকজনৰ ঘৰৰ ভিতৰত মাটিত পুতি থোৱা অৱস্থাত তেওঁৰ শাশুয়েকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে জিলাখনৰ পুৰাণদিয়াৰা গাঁৱৰ প্ৰয়াত জমুদ্দি সেখৰ পত্নী মজিমা খাতুন নামৰ মহিলা গৰাকী তিনি দিন পূৰ্বে ওখৰাবাৰীস্থিত জোৱায়েকৰ ঘৰত ফুৰিবলৈ গৈছিল। তেতিয়াৰ পৰা মহিলা গৰাকী নিখোজ হৈ থকাত পৰিয়ালৰ লোকে মানকাচৰ থানাত এজাহাৰ দাখিল কৰিছে। উক্ত এজাহাৰৰ ভিত্তীত আজি দিনৰ প্ৰায় ২ বজাত মানকাচৰ আৰক্ষীৰ দল এটা ওখৰাবাৰীৰ জোৱায়েকৰ ঘৰত অভিযান চলায়। এই অভিযানত ঘৰৰ ভিতৰত মাটিত পুতি থোৱা অৱস্থাত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। আৰক্ষীয়ে মৃতদেহটি উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল হাস্পাতাল কলেজলৈ প্ৰেৰণ কৰিছে। জোৱায়েক মনোৱাৰ হুছেইন শাশুয়েকক হত্যা কৰি ঘৰৰ ভিতৰত মাটিত পুতি ৰাখিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। মনোৱাৰ হুছেইন বিগত প্ৰায় ১২ বছৰ পূৰ্বে তেওঁৰ তৃতীয় পত্নীকো হত্যা কৰি পথাৰত পুতি ৰাখিছিল। বৰ্তমান মনোৱাৰ হুছেইন সহ তেওঁৰ পৰিয়ালৰ ১০ গৰাকী ব্যক্তি পলাতক অৱস্থাত আছে। আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে। হত্যাৰ বলি হোৱা শাশুয়েক মজিমা খাতুনৰ জীয়েক তথা মনোৱাৰৰ দ্বিতীয় পত্নী জামিলা খাতুন স্বামীক এৰি অন্য লোকৰ সৈতে পলাই বিয়া হোৱাৰ বাবে মনোৱাৰ এইদৰে শাশুয়েকক হত্যা কৰা বুলি অভিযোগ পোৱা গৈছে। আৰক্ষীৰ তদন্তৰ পাচতহে প্ৰকৃত তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments