Wednesday, September 18, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । ১১৯৬২ গৰাকী হিতাধিকাৰীক বিতৰণ কৰিলে...

মানকাচৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । ১১৯৬২ গৰাকী হিতাধিকাৰীক বিতৰণ কৰিলে অৰুণোদয় ২.০ আঁচনিৰ কাৰ্ড

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আজি কেবাটাও চৰকাৰী কাৰ্যসূচীৰ বাবে দিনৰ প্ৰায় ১১ বজাত গুৱাহাটীৰ পৰা হেলিকপ্টাৰযোগে উপস্থিত হয় মানকাচৰত। মন্ত্ৰী গৰাকী মানকাচৰৰ কামাখ্যা মন্দিৰত মা কামাখ্যা দেবীৰ আশীষ গ্ৰহন কৰে। কামাখ্যা মন্দিৰত পূজা অৰ্চনাৰ পাচত বাংলাদেশ সীমান্ত পথেৰে উপস্থিত হয় জিলাৰ সদৰ হাটশিঙিমাৰীত। হাটশিঙিমাৰী জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁ নতুনকৈ নিৰ্মাণ হবলগীয়া কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ কামৰ শুভ উদ্বোধন কৰে। ১ কোটি ২৬ লাখ টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰা হব এই জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়।

লক্ষণীয় যে জনস্বাস্থ্য কাৰিকৰি বিভাগৰ অধীনত জিলাখনত মুঠ ২৮৪ টা জল জীৱন মিচন আচনিৰ কাম চৰকাৰে আৱণ্টন দিছে। ইয়াৰে কেবাটাওঁ আঁচনিৰ কাম ইতিমধ্যে সম্পন্ন হোৱাৰ লগতে বাকী আঁচনি সমূহৰ কাম দ্ৰুত গতিত চলি আছে। আজি মন্ত্ৰী গৰাকী ভাৰ্ছুৱেল পদ্ধতিৰ জৰিয়তে জিলাখনৰ মুঠ ১০ টা জল জীৱন মিচন আঁচনিৰ কামৰ শুভ উদ্ধোধন কৰে। আজি ভাৰ্চুৱেল পদ্ধিতৰে শুভ উদ্ধোধন কৰা আঁচনি কেইটা ক্ৰমে চৰ কাশাৰীপাৰা পি ডব্লিউ এছ এছ, দাফাদাৰপাৰা পি ডব্লিউ এছ এছ, উত্তৰ বন্যাপাৰা পি ডব্লিউ এছ এছ, কোকৰাডাঙা পি ডব্লিউ এছ এছ, দাৱাকান্দি পি ডব্লিউ এছ এছ, পাথুৰিয়া পি ডব্লিউ এছ এছ, দক্ষিণ ভূৰাকাটা পি ডব্লিউ এছ এছ, মানকাচৰৰ শান্তিপুৰ পি ডব্লিউ এছ এছ, কুৰালভাঙা পি ডব্লিউ এছ এছ আৰু দক্ষিণ বাংটিমাৰী পি ডব্লিউ এছ এছ ।

ইফালে দিনৰ প্ৰায় ১ বজাত মন্ত্ৰী গৰাকী উপস্থিত হয় খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত। হাটশিঙিমাৰী জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা ২.০ অৰুণোদয় আঁচনিৰ কাৰ্ড বিতৰণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এই কাৰ্যসূচীত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা আৰু প্ৰাক্তন বিধায়ক জাবেদ ইছলাম বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। জিলাখনৰ অধীনত থকা মানকাচৰ, ফেকামাৰী, দক্ষিণ শালমাৰা আৰু জৰুৱা-বন্দিহানা উন্নয়ন খণ্ড এলেকাত নতুনকৈ ১১৯৬২ গৰাকী মহিলা হিতাধিকাৰীৰ নাম ২.০ অৰুণোদয় আঁচনিৰ অধীনত অন্তৰ্ভূক্ত কৰা হৈছে। এই নতুন হিতাধিকাৰীক সকলক আজি মন্ত্ৰী গৰাকী আনুষ্ঠানিক ভাবে অৰুণোদয় কাৰ্ড বিতৰণ কৰি কয় যে- অহা নবেম্বৰ মাহৰ ১০ তাৰিখে হিতাধিকাৰী সকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব মহিলা সকল উপকৃত হব।

লক্ষণীয় যে জিলাখনত ১.০ অৰুণোদয় আঁচনিৰ অধীনত ২০১৬৪ গৰাকী হিতাধিকাৰীক এই সুবিধা প্ৰদান কৰা হৈছে। এতিয়ালৈ ১.০ আৰু ২.০ অৰুণোদয়  আঁচনিৰ অধীনত জিলাখনত মুঠ ৩২১২৬ গৰাকী মহিলা হিতাধিকাৰীৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে। অহা ১০ নবেম্বৰ তাৰিখে ৰাজ্যত মুঠ প্ৰায় ২৭ লাখ পৰিয়ালে এই আঁচনিৰ জৰিয়তে ১২৫০ টকাৰ বিত্তীয় অনুদান লাভ কৰিব । বাংলাদেশ সীমান্তৱৰ্তী অতিকৈ পিছপৰা জিলাখনত অৰুণোদয়ৰ লগতে কেবাটাওঁ আচনি মিলি মুঠ প্ৰায় ৪০ হেজাৰ পৰিয়াল বিত্তীয় অনুদান লাভ কৰি পৰিয়াল কেইটা কিছু পৰিমানে সকাহ লাভ কৰিব বুলিও মন্ত্ৰী গৰাকী মত প্ৰকাশ কৰিছে। একেদৰে কোনো ধনী শ্ৰেনীৰ লোকৰ নাম যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীত অন্তৰ্ভূক্ত হয় তেন্তে জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিলে সেই হিতাধিকাৰী জনৰ নাম কৰ্তন কৰি দিয়া হব বুলিও তেওঁ সাংবাদিকৰ আগত মত প্ৰকাশ কৰে। অনুষ্ঠানৰ সামৰণিৰ অন্তত তেওঁ দিনৰ প্ৰায় ২ বজাত পুনৰ বাংলাদেশ সীমান্ত পথেৰে মানকাচৰলৈ ৰওনা হয়। অসম-মেঘালয় সীমান্তৱৰ্তী হাছিনা পাৰ্কত দিনৰ প্ৰায় ৩ মন্ত্ৰী গৰাকী জিলা আয়ুক্ত, বিধায়ক আৰু প্ৰাক্তন বিধাকৰ লগতে একাংশ চৰকাৰী বিষয়াৰ সৈতে দূপৰীয়াৰ আহাৰ গ্ৰহন কৰে। বিয়লি ৩.৩০ বজাত তেওঁ পুনৰ হেলিকপ্টাৰেৰে গুৱাহাটীলৈ ৰওনা হয়।

মন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে তেওঁ মানকাচৰ উপস্থিত হৈ ভাষণ প্ৰসংগত নিজৰ অনুভৱ প্ৰকাশ কৰে। তেওঁ কয়, জিলাখনৰ বিষয়ে মানুহৰ মুখে শুনি অহা ধৰনে নহয়। অতিকৈ পিছপৰা জিলাখনৰ বাবে চৰকাৰৰ বহু কৰিবলগীয়া আছে বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰিছে। জিলাখন শান্তিপ্ৰিয় জিলা বুলিও তেওঁ সীমান্তয়েদি ভ্ৰমণ কালত অৱগত হোৱা বুলি দাবী কৰিছে। মন্ত্ৰী গৰাকীৰ সদ ইচ্ছা থাকিলে চৰকাৰৰ সৈতে আলোচনা কৰি জিলাখনৰ উন্নয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব বুলি জিলাখনৰ সচেতন মহলে দাবী কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments