Wednesday, September 18, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ বিভিন্ন ঠাইত কাতি বিহু পালন

মানকাচৰৰ বিভিন্ন ঠাইত কাতি বিহু পালন

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বুধবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো কাতি বিহু পালন কৰা হয় । বুধবাৰে সন্ধিয়া ঘৰে ঘৰে তুলসী গছৰ তলত বন্তি প্ৰজ্বলনৰ লগতে খেতি পথাৰত বন্তি প্ৰজ্বলন কৰি খেতি পথাৰ নদন বদন হোৱাৰ কামনা কৰে চহা কৃষক সকলে। জিলাখনৰ মানকাচৰ ৰাজহ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তৰ নেতৃত্বত মানকাচৰ চহৰত তেওঁৰ ভাৰা ঘৰতো কাতি বিহুৰ আয়োজন কৰা হয়। মানকাচৰ ৰাজহ চক্ৰ বিষয়া গৰাকীৰ লগতে কৰ্মসুত্ৰে অন্য জিলাৰ পৰা মানকাচৰ জিলাত বসবাস কৰা একাংশ টেট শিক্ষক-কৰ্মচাৰী সকলেও সন্ধিয়া তুলসী গছৰ তলত বন্তি প্ৰজ্বলন কৰি কাতি বিহু পালন কৰে।

আনহাতে অসম চৰকাৰৰ কৃষি বিভাগৰ এক নিৰ্দেশ মতে হাটশিঙমাৰী জিলা কৃষি বিভাগৰ উদ্যোগত মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী কালি পাহাৰৰ কালি মন্দিৰত কাতি বিহু পালন কৰা হয়। কৃষি বিভাগে কাতি বিহু পালন কৰাৰ লগতে বিভাগীয় আঁচনিৰ ওপৰত এক সজাগতামূল সভাৰ আয়োজন কৰি কৃষক সকলক বীজ বিতৰণ কৰে। কৃষি বিভাগৰ এই কাৰ্যসূচীত জিলা ভাৰপ্ৰাপ্ত কৃষি বিষয়া মইনুল হক উপস্থিত আছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments