Saturday, July 20, 2024
Google search engine
গৃহদেশ-বিদেশমানকাচত বাংলাদেশী গ্ৰেপ্তাৰ । ১৫ বছৰ পৰ্বে ভাৰতত প্ৰবেশ কৰি পাতিছে বিয়া

মানকাচত বাংলাদেশী গ্ৰেপ্তাৰ । ১৫ বছৰ পৰ্বে ভাৰতত প্ৰবেশ কৰি পাতিছে বিয়া

মানকাচৰ থানা এলেকাৰ অধীনস্থ ঠাকুৰাণবাৰীত যোৱা নিশা আৰক্ষীয়ে নাকা চেকিঙৰ জৰিয়তে টেম্পো এখনৰ পৰা এগৰাকী বাংলাদেশী নাগৰিক কৰায়ত্ব কৰিছে। ধৃত বাংলাদেশ নাগৰিক জনক চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানা এলেকাৰ অধীনস্থ ফুলবাৰী গাঁৱৰ প্ৰয়াত মহাম্মদ আলীৰ পুত্ৰ মাজানুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। যোৱা ২০০৮ চনত বাংলাদেশী যুৱক জন অবৈধ ভাবে ভাৰতত প্ৰবেশ কৰি মানকাচৰৰ ভূৰাকাটা গাঁৱত আশ্ৰয় লৈছিল। ভূৰাকাটা গাঁৱৰ ছোনাব আলী নামৰ লোক জনৰ ঘৰত আশ্ৰয় লোৱাত লোকজন অবৈধ বাংলাদেশী যুৱক জনক পুত্ৰৰ পৰিচয় দি আহিছিল। তাতপৰ্যপূৰ্ণ ভাবে ছোনাব আলীৰ ভাতৃ জোনাব আলীৰ জীয়েকৰ সৈতে অবৈধ বাংলাদেশী যুৱক জনক বিয়া পাতি দিয়াত তেওঁ এটি সন্তানৰ পিতৃ হোৱা বুলি জানিব পৰা গৈছে।  ২০১৬ চনত ছোনাব আলীয়ে ভূৱা পিতৃৰ পৰিচয় দি ভূৱা নথি দাখিল কৰি মানকাচৰ সমষ্টিৰ পৰা ভাৰতীয় ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰাত তেওঁৰ ভোটৰ পৰিচয় পত্ৰ লাভ কৰাৰ লগতে ভাৰতীয় পান কাৰ্ড এখনো প্ৰস্তুত কৰিছে। বিগত প্ৰায় ১৫ বছৰ ধৰি ভাৰতত বসবাস কৰি অহা বাংলাদেশী নাগৰিক জনক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে ভূৱা নথিৰে প্ৰস্তুত কৰা মানকাচৰ সমষ্টিৰ ভাৰতীয় ভোটাৰ পৰিচয় পত্ৰ, পান কাৰ্ড আৰু এটা বাংলাদেশী ছিমকাৰ্ড উদ্ধাৰ জব্দ কৰিছে। দেওঁবাৰে দূপৰীয়াৰ ভাগত হাটশিঙিমাৰী জিলা আদালতত বাংলাদেশী নাগৰিকক জনক হাজিৰ কৰে। আদালাতে অধিক তদন্তৰ বাংলাদেশী জনক চাৰিদিনৰ বাবে মানকাচৰ আৰক্ষীৰ জিম্মাত দিছে বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে।

প্ৰশ্ন হয়, অবৈধ বাংলাদেশী নাগৰিক জনক আশ্ৰয় দিয়া ছোনাব আলী,  অবৈধ বাংলাদেশী যুৱকজনৰ সৈতে জীয়েকক বিয়া দিয়া জোনাব আলী আৰু ভূৱা নথিৰে ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰা বিষয়াৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহন কৰিবনে ?

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments