Friday, October 18, 2024
Google search engine
গৃহশিক্ষা-প্ৰযুক্তিহাটশিঙিমাৰীত ১০ বছৰ সম্পন্ন হোৱা টেট শিক্ষকৰ সংবাদমেল

হাটশিঙিমাৰীত ১০ বছৰ সম্পন্ন হোৱা টেট শিক্ষকৰ সংবাদমেল

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ১০ বছৰ সম্পূৰ্ণ হোৱা টেট শিক্ষক সংগঠনে দেওঁবাৰে হাটশিঙিমাৰী প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি ৮৪ গৰাকী শিক্ষকক জিলাখনৰ পৰা বদলিকৰণৰ দাবী জনাইছে।

উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা বিগত প্ৰায় ১২ বছৰ পূৰ্বে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত টেট শিক্ষক হিচাপে নিয়োজিত হৈ অহা ৮৪ গৰাকী টেট উত্তীৰ্ণ শিক্ষকক ৰহস্যজনক ভাবে বদলিকৰণ কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে। শিক্ষকৰ অনুপাতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অত্যাধিক হোৱাৰ দোহাই দি ৰাজ্যৰ শিক্ষা বিভাগে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ লগতে মুঠ তিনিখন জিলাত  শিক্ষক বদলিকৰণ প্ৰক্ৰিয়া স্থগিত ৰাখিছিল। ইতিমধ্যে বাকী জিলাদুখনত ১০ বছৰ সম্পন্ন হোৱা শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া আৰম্ব কৰা হৈছে যদিও ৰহস্যজনক ভাবে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এনে টেট উত্তীৰ্ণ শিক্ষকৰ বদলিকৰণ শিক্ষা বিভাগে গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই। ইফালে শেহতীয়াকৈ ৰাজ্য চৰকাৰ শিক্ষা বিভাগে বিদ্যালয়ে বিদ্যালয়ে প্ৰদান কৰা শিক্ষা হেতু এপৰ জৰিয়তে মানকাচৰ জিলাত শিক্ষকৰ অনুপাতে শিক্ষাৰ্থীৰ সংখ্যা কম হোৱা বুলি তথ্যা পোহাৰলৈ অহা বুলি আজি সংবাদমেলৰ জৰিয়তে টেট শিক্ষক সংগঠনে দাবী কৰিছে। সেই বাবে এনে টেট শিক্ষক সকলক জিলাখনৰ গৃহজিলালৈ বদলিকৰণৰ দাবী তুলিছে। অন্য জিলাত ১০ বছৰ কাৰ্যকাল সম্পন্ন কৰা শিক্ষকে গৃহ জিলালৈ বদলি হব পাৰিব বুলি চৰকাৰে আইন প্ৰনয়ন কৰিছে। কিন্তু ১১ বছৰ ৬ মাহ অতিক্ৰম কৰা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৮৪ গৰাকী শিক্ষকৰ ক্ষেত্ৰত এই আইন অমান্য কৰা বুলি টেট শিক্ষক সংগঠনে অভিযোগ তুলিছে। ইফালে মুখ্যমন্ত্ৰীয়ে দূৰনিবৰ্তী শিক্ষকক বিদ্যালয়লৈ অহা-যোৱা কৰাৰ বাবে স্কুটী দিয়াৰ বাবে শিক্ষামন্ত্ৰীক আহ্বান জনোৱা ঘটনাক লৈও আজি সংবাদমেলত টেট শিক্ষক সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মানকাচৰৰ চৰ তথা বোকাময় পথেৰে শিক্ষক সকলে কিদৰে স্কুটীৰে অহা-যোৱা কৰিব বুলি শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰিছে। আগন্তক দূৰ্গাপূজাৰ পূৰ্বে ইতিমধ্যে ১০ বছৰ সম্পূৰ্ণ হোৱা টেট শিক্ষক সকলক চৰকাৰে বদলিকৰণ নকৰিলে পৰৱৰ্তী সময়ত এনে টেট শিক্ষক সংগঠনে সংবাদমেলৰ আয়োজন নকৰি জংগী আন্দোলনৰ কাৰ্যসূচী হাতত লব বুলি চৰকাৰৰ শিক্ষা বিভাগক একপ্ৰকাৰে হুংকাৰ প্ৰদান কৰিছে। টেট শিক্ষক সকলে জংগী আন্দোলান কৰিবলগীয়া হলে ইয়াৰ বাবে শিক্ষা বিভাগ আৰু শিক্ষামন্ত্ৰী দায়ী হব বুলিও টেট শিক্ষক সকলে প্ৰকাশ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments