Sunday, September 15, 2024
Google search engine
গৃহস্থানীয়কাইলৈ মানকাচৰত ৰাজ্যপাল । ক’ত, কেতিয়া, কি কাৰ্যসূচীত কৰিব অংশগ্ৰহন ?

কাইলৈ মানকাচৰত ৰাজ্যপাল । ক’ত, কেতিয়া, কি কাৰ্যসূচীত কৰিব অংশগ্ৰহন ?

নিউজ ডেক্স, এম নিউজ, ১০ ছেপ্টেম্বৰঃ- কাইলৈ দিনজোৰা কাৰ্যসূচীলৈ অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়া মানকাচৰ ভ্ৰমণত আহিব। ৰাজ্যপাল ভ্ৰমণক লৈ ইতিমধ্যে জিলা প্ৰশাসনৰ ফালৰ পৰা জিলাৰ সদৰ, মানকাচৰ চহৰত ব্যাপক প্ৰস্তুতি লোৱা হৈছে। একেদৰে সীমান্তত বিএছএফেও প্ৰস্তুতিৰ লগতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহন কৰিছে। ৰাজ্যপাল গৰাকী পুৱা ৯.৩০ বজাত মানকাচৰ কামাখ্যাবাৰী অস্থায়ী হেলিপেডত হেলিকপ্তাৰযোগে অৱতৰণ কৰিব। ইয়াৰ পাচত ৯.৪০ বজাত বাংলাদেশ সীমান্তত থকা মানকাচৰৰ সাহাপাৰা বিএছএফ কেম্পত গাড়ীযোগে উপস্থিত হ’ব। সাহাপাৰা বিএছএফ কেম্পত ৪৫ নং বেটেলিয়ান বিএছএফে ৰাষ্ট্ৰীয় ছেলুট জনোৱাৰ পাচত বিএছএফৰ কমিউনিটি হলত বিএছএফৰ সৈতে পুৱাৰ আহাৰ গ্ৰহন কৰিব। ১০.০৫ বজাত বাংলাদেশ সীমান্তৱৰ্তী গাঁৱৰ লোকৰ সৈতে মত বিনিময় কৰিব। ১০.৪০ বজাত সীমান্ত পথেৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা প্ৰশাসন, বিভিন্ন বিভাগৰ মুৰব্বীৰ সৈতে এক পৰ্যালোচনা সভাত অংশগ্ৰহন কৰিব। একেদৰে দূপৰীয়া ১.৪০ বজাত হাটশিঙিমাৰী অৱৰ্ত্ত ভৱনত উপস্থিত হৈ দিনৰ প্ৰায় ১.৪৫ বজাত দূপৰীয়াৰ আহাৰ গ্ৰহন কৰিব। বিয়লি ৩ বজাত হাটশিঙিমাৰী আৱৰ্ত্ত ভৱনৰ পৰা মানকাচৰ কামাখ্যাবাৰী হেলিপেডলৈ ৰওনা হ’ব। বিয়লি ৪ বজাত পুনৰ হেলিকপ্টাৰযোগে গুৱাহাটীলৈ ৰওনা হ’ব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments