মেঘালয়ত খাৰুৱাবান্ধা আৰক্ষীৰ অভিযান । বাল্য বিবাহকাৰী স্বামী গ্ৰেপ্তাৰ

0
33

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষীয়ে কালি বিয়লি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ তুৰাত অভিযান চলাই নাৱালিকাক বিয়া কৰা এগৰাকী অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে  খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হীৰেন বংৰুমৰ নেতৃত্বত আৰক্ষীৰ দল এটা মেঘালয়ৰ তুৰা চহৰ অভিযান চলায়।  চহৰ খনত আত্মগোপন কৰি থকা আমিনুল ইছলাম নামৰ এগৰাকী স্বামীক কৰায়ত্ব কৰি সন্ধিয়া প্ৰায় ৮ বজাত খাৰুৱাবান্ধা আৰক্ষী চকীত আনি গ্ৰেপ্তাৰ কৰিছে। ধৃত  স্বামীজনক জিলাখনৰ দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনস্থ কানাইমাৰা গাওঁৰ শ্বহিদুৰ ৰহমানৰ পুত্ৰ আমিনুল ইছলাম(২৩) বুলি চিনাক্ত কৰা হৈছে। আমিনুল একে গাঁৱৰ ছাইফুল ইছলামৰ নাৱালিকা জীয়েক শিল্পী বেগমক (১৫) প্ৰায় এবছৰ পূৰ্বে  বিয়া কৰিছিল। নাৱালিকা শিল্পী বেগমে ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰীত এটি কণমানি সন্তান জন্ম দিছে। বাল্য বিবাহ কৰা আমিনুলৰ বিৰদ্ধে খাৰুৱাবান্ধা আৰক্ষী চকীত  ভাৰতীয় দণ্ডবিধিৰ 9/10/11 PCM act R/WSEC 6&17 POCSO আইনৰ ধাৰাৰ অধীনত 50/23 নম্বৰত গোচৰ পঞ্জীয়ন কৰা হৈছে। আমিনুল ইছলামৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হোৱাৰ পৰাই গ্ৰেপ্তাৰৰ ভয়ত আমিনুল ইছলামে পলাতক অৱস্থাত আছিল। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে কালি এইদৰে তুৰাৰ পৰা গ্ৰেপ্তাৰ কৰি আনি আজি পুৱাৰ ভাগত জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰে। আদালতে স্বামী জনক ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে।