দক্ষিণ শালমাৰাত জিঞ্জিৰাম নদীত ১২ বছৰীয়া কিশোৰৰ সলিল সমাধি

0
28

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ বালাডোবা গাঁৱত জিঞ্জিৰাম নদীত গা ধূবলৈ গৈ এটি কিশোৰ সন্থানহীন হৈ প্ৰায় ২৪ ঘণ্টাৰ মুৰত মৃতদেহ উদ্ধাৰ হয়। কিশোৰ গৰাকীক বালাডোবা গাঁৱৰ মন্টু সেখৰ পুত্ৰ আলোম সেখ (১২) বুলি চিনাক্ত কৰা হৈছে। আলোম সেখ কালি নিদৰ প্ৰায় ১১.৩০ বজাত গাঁৱখনত থকা জিঞ্জিৰাম নদীত সমনীয়াৰ সৈতে গা ধূবলৈ গৈছিল। তেতিয়াৰ পৰাই নদীত নিখোজ হৈ পৰা কিশোৰ জনৰ সন্ধান বিচাৰি কালি দক্ষিণ শালমাৰা আৰক্ষীয়ে এছ ডি আৰ এফ বাহিনীৰ সৈতে অভিযান চলায় যদিও কালি উদ্ধাৰ কৰিব পৰা হোৱা নাছিল। আজি দূপৰীয়া প্ৰায় ১২ বজাত এছ ডি আৰ এফ বাহিনী আৰু আৰক্ষীয়ে অভিযান চলাই কিশোৰ জনৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰে। কিশোৰ জন মৃগী বেমাৰত আক্ৰান্ত আছিল। নদীত গা ধূই থাকোতে মৃগী বেমাৰ লক্ষণ দেখা দিয়াৰ ফলত মৃত্যু মুখত পৰিব পাৰে বুলি আৰক্ষীয়ে ধাৰনা কৰিছে। এই ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছা পৰিছে।