হাটশিঙিমাৰী-বাংলাদেশ সীমান্তৰ কালাইৰ আলগাত চাৰিটা চোৰাং গৰু জব্দ

0
34

হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কালাইৰ আলগাত যোৱা নিশা প্ৰায় ১২ বজাত খাৰুৱাবান্ধা আৰক্ষীয়ে পেট্ৰলিং কৰি থকা অৱস্থাত চাৰিটা চোৰাং গৰু জব্দ হয়। জানিব পৰা মতে গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে গৰু কেইটা বাংলাদশ সীমান্তৰ ফালে নি থকা অৱস্থাত আৰক্ষীয়ে গৰু কেইটা জব্দ কৰে যদিও খাৰুৱাবান্ধা আৰক্ষীৰ চকুত ধূলি দি সৰবৰাহকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰে। খাৰুৱাবান্ধা আৰক্ষীৰ  লগতে জিলাখনত একাংশ স্থানত আৰক্ষীয়ে সঘনে গৰু জব্দ কৰি আহিছে যদিও ৰহস্যজনক ভাবে গৰু সৰবৰাহকাৰীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আৰক্ষী এক প্ৰকাৰে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে।