Tuesday, October 14, 2025
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বান প্ৰস্তুতিৰ পৰ্যালোচনা সভা

হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বান প্ৰস্তুতিৰ পৰ্যালোচনা সভা

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ আগন্তক বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে। বান প্ৰস্তুতিক লৈ ১৬ জুলাইত হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত এক পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয়। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাখনত ASSTC ৰ অধ্যক্ষ প্ৰবীন কুমাৰ দত্তৰ লগতে জিলা আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ একাংশ বিষয়া উপস্থিত আছিল। পৰ্যোলোচনা সভাৰ অন্তত বিষয়াৰ দলটো নাওযোগে জিলাখনৰ খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন কৰে। লক্ষণীয় যে, সম্ভাৱ্য বান পৰিস্থিতিৰ বাবে জিলাখনৰ প্ৰস্তুতি, আন্তঃবিভাগীয় সমন্বয়, সাহায্যৰ ব্যৱস্থা, আন্তঃগাঁথনিৰ প্ৰস্তুতি আৰু আগতীয়া সতৰ্কবাণী প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হব বুলি পৰ্যালোচনা সভাখনত আলোচনা কৰা হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments