Monday, July 14, 2025
Google search engine
গৃহস্থানীয়মানকাচৰত নৈশ বাছত ১০ কোটি টকাৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন

মানকাচৰত নৈশ বাছত ১০ কোটি টকাৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন

ডিজিটেল ডেক্স, মানকাচৰঃ বাংলাদেশ সীমান্তৱৰ্তী নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে। আজি পুৱা প্ৰায় ৫.৩০ বজাত মানকাচৰ আৰক্ষীয়ে গুৱাহাটী-মানকাচৰ নৈশবাছৰ পৰা ১০ কোটি টকাৰ নিচাজাতীয় টেবলেট সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাব দাসৰ তত্বাৱধান আৰু মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপক বৰগোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ দল এটাই সোনাপুৰত নৈশ বাছত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। এএছ ০১ টিচি ০৩৭৫ নম্বৰৰ আশীৰ্বাদ নামৰ নৈশ বাছখনৰ পৰা আৰক্ষীয়ে কুচনিমাৰা জোৰডাঙা গঁৱৰ প্ৰয়াত ময়নাল হকৰ পুত্ৰ আশিক বাবুক (২৬) কৰায়ত্ব কৰি তেঁওৰ পৰা ৫০ হেজাৰ আৰ ছেভেন (R-7) নামৰ নিচাজাতীয় টেবলেট জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় টেবলেটখিনিৰ বজাৰমূল্য ১০ কোটি টকা হ’ব বুলি জিলা আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰেন টকবী এক সংবাদমেলযোগে প্ৰকাশ কৰিছে। দিনৰ প্ৰায় ১১.৩০ বজাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক জনে মানকাচৰ থানাত এক সংবাদমেল অনুষ্ঠিত কৰি কয় যে, কালিৰে পৰা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ তত্বাৱধানত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকী ড্ৰাগছখিনি জব্দ কৰাৰ বাবে সৰবৰাহকাৰী আশিকক ট্ৰেক কৰি আছিল। গুৱাহাটীৰ আইএছবিটিৰ পৰা নৈশবাছখন মানকাচৰলৈ আহি থকা অৱস্থাত হাটশিঙিমাৰী-মানকাচৰ পথৰ সোনাপুৰত বাছখন ৰখাই আৰক্ষীয়ে তালাচী চলায়। প্ৰথমে আশিক বাবুক কৰায়ত্ব কৰাৰ পাচত তেওঁৰ পৰা নিচাজাতীয় টেবলেট খিনি জব্দ কৰা হয়। আৰক্ষীয়ে নিচাজাতীয় টেবলেট খিনি জব্দ কৰাৰ সময়ত জিলা কাৰ্যবাহী দণ্ডাধীশ পাপু গগৈ উপস্থিত আছিল। জব্দ কৰা টেবলেট খিনি মনিপুৰৰ পৰা গুৱাহাটীলৈ অনাৰ পাচত গুৱাহাটীৰ পৰা মানকাচৰলৈ অনা হৈছিল। সৰবৰাহকাৰী আশিক মানকাচৰৰ বিভিন্ন ড্ৰাগছ ব্যৱসায়ীৰ লগতে মেঘালয় আৰু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো সৰবৰাহ কৰাৰ কথা আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে আশিক বাবুৰ পৰা বহু তথ্য লাভ কৰিছে। কম সময়ৰ ভিতৰত এই ড্ৰাগছকাণ্ডৰ সৈতে জৰিত ড্ৰাগছ মাফিয়াৰ নেটওৱাৰ্ক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি জিলা আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক জনে দাবী কৰি কয় যে এই ড্ৰাগছ কাণ্ডৰ লগত জৰিতো কাকো আৰক্ষীয়ে এৰি নিদিয়ে।

    লক্ষণীয় যে, চলিত বছৰৰ মাত্ৰ ৬ মাহ ১৪ দিনৰ ভিতৰত আৰক্ষীয়ে ৪৮ টা ড্ৰাগছবিৰোধী অভিযান চলাই বহু লোকক বৃহত পৰিমানৰ ড্ৰাগছ, নিচাজাতীয় টেবলেট, মাদক দ্ৰব্য সহ গ্ৰেপ্তাৰ কৰিছে। আন আন বছৰত আৰক্ষীয়ে ৪০-৫০ টা ড্ৰাগছ বিৰোধী অভিযান চলায় যদিও মাত্ৰ ৬ মাহতে আন আন বছৰৰ ড্ৰাগছবিৰোধী অভিযান জিলাখনত আৰক্ষীয়ে অতিক্ৰম কৰিছে।

    জিলাখনত বিশেষকৈ পশ্চিম বঙ্গ, মনিপুৰ আদি এলেকাৰ পৰা হেৰ’ইন, নিচাজাতীয় টেবলেট, ভাং আদি সৰবৰাহ কৰা হয়। বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰৰ কাটাতাৰৰ বেৰৰ ওপৰেদি মানকাচৰৰ ড্ৰাগছ মাফিয়া সকলে বাংলাদেশত ড্ৰাগছ সৰবৰাহ কৰি ভাৰততকৈ চাৰিগুন বেছি দামত বিক্ৰী কৰে বুলি আজিৰ সংবাদমেলত জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰেন টকবী প্ৰকাশ কৰিছে।

    মন কৰিবলগীয়া বিষয় এয়া যে, জিলাখনত ইয়াৰ পূৰ্বে একেলগে ৫০ হেজাৰ নিচাজাতীয় টেবলেট আজিলৈ উদ্ধাৰ হোৱা নাছিল। প্ৰথমবাৰৰ বাবে এইদৰে ১০ কোটি টকাৰ ড্ৰাগছ জব্দ হোৱাত মানকাচৰ আৰক্ষীয়ে জিলাখনত সৰ্বকালৰ সৰ্ববৃহত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মানকাচৰ আৰক্ষীৰ এই সফলতাৰ পাচত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও টুইটযোগে বিষয়টো ইতিমধ্যে ৰাজ্যবাসীক অৱগত কৰিছে।  

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments