Friday, July 4, 2025
Google search engine
গৃহস্থানীয়মীমাংসাৰ যোগ্য গোচৰ নিস্পত্তিৰ বাবে মানকাচৰত হ’ব ৯০ দিনীয়া প্ৰচাৰ অভিযান।

মীমাংসাৰ যোগ্য গোচৰ নিস্পত্তিৰ বাবে মানকাচৰত হ’ব ৯০ দিনীয়া প্ৰচাৰ অভিযান।

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ আদালতত চলি থকা মীমাংসাৰ যোগ্য গোচৰ সমূহ  নিস্পত্তিৰ বাবে ৰাজ্যৰ জিলায় জিলায় ৯০ দিনীয়া প্ৰচাৰ অভিযান চলোৱা হ’ব। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষ (National Legal Services Authority চমুকৈ NALSA আৰু মধ্যস্থাতা আৰু মিমাংসা প্ৰকল্প কমিটিৰ (Mediation and Conciliation Project Committee (MCPC))  সৌজন্যত মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত হাটশিঙিমাৰীত আজি জিলা আইন সেৱা প্ৰাধিকাৰীয়ে জিলা সত্ৰ আৰু ন্যায়াধীশ আদালতত এক সংবাদমেল অনুষ্ঠিত কৰে। জিলা সত্ৰ আৰু ন্যায়াধীশ আদালৰ ন্যায়াধীশ সঞ্জয় হাজৰিকা, জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব জয়ন্ত কুমাৰ শইকীয়াৰ লগতে হাটশিঙিমাৰী উকীল সন্থাৰ সভাপতি ৰেজাউল কৰিম আৰু সম্পাদক লুতফৰ ৰহমান সহ প্ৰশিক্ষণপ্ৰাপ্ত জেষ্ঠ্য অধিবক্তাৰ সকলৰ উপস্থিতত সংবাদমেল খন অনুষ্ঠিত কৰা হয়। সংবাদমেলৰ পূৰ্বে অধিবক্তা আৰু জিলা আইন সেৱা প্ৰাধিকাৰীৰ মাজত এক গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত কৰা হয়। কিদৰে গোচৰসমূহ নিস্পত্তি কৰিব পাৰি তাকে লৈ জেষ্ঠ্য অধিবক্তা সকলৰ সৈতে আলোচনা কৰাৰ পাচত সংবাদমেল অনুষ্ঠিত কৰা হয়।

বিশেষকৈ, বৈবাহিক বিবাদৰ গোচৰ, দুৰ্ঘটনা দাবীৰ গোচৰ, ঘৰুৱা হিংসাৰ গোচৰ,  চেক বাউঞ্চৰ গোচৰ, বাণিজ্য বিবাদৰ গোচৰ, সেৱা বিষয়ৰ গোচৰ, অপৰাধমূলক সংযুক্ত গোচৰ, গ্ৰাহকৰ বিবাদ গোচৰ, ঋণ আদায়ৰ গোচৰ,  বিভাজৰ গোচৰ, উচ্ছেদৰ গোচৰ,  ভূমি অধিগ্ৰহণৰ গোচৰৰ লগতে মীমাংসাৰ যোগ্য সকলো গোচৰ নিস্পত্তি কৰাৰ বাবে চলিত মাহৰ পৰাই ৯০ দিনীয়া প্ৰচাৰ অভিযান চলোৱা হ’ব।   জিলা সত্ৰ আৰু ন্যায়াধীশ আদালত ন্যায়াধীশ সঞ্জয় হাজৰিকা আৰু হাটশিঙিমাৰী উকীল সন্থাৰ সভাপতি ৰেজাউল কৰিমে প্ৰচাৰ অভিযানৰ বিষয়টো সংবাদমেল যোগে ৰাইজক অৱগত কৰে। দুই এদিনৰ ভিতৰত অভিযানৰ সময়সূচী জিলা আইন সেৱা প্ৰাধিকাৰীৰ পৰা নিৰ্ধাৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

লক্ষণীয় যে উপৰোক্ত গোচৰৰ গোচৰকাৰী আৰু ভূক্তভূগী মিমাংসা কৰিব বিচাৰিলে হাটশিঙিমাৰী জিলা আইন সেনা প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিলে আদালতৰ পৰা গোচৰটো মধ্যস্তাতা কেন্দ্ৰলৈ প্ৰেৰণ কৰি মিমাংসাৰ জৰিয়তে নিস্পত্তি কৰা হ’ব বুলি জিলা সত্ৰ ও ন্যায়াধীশ আদালতৰ ন্যায়াধীশ গৰাকীয়ে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments