Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়ড্ৰাগছ, বাল্য বিবাহ, শিশু শ্ৰমিকৰ বিৰুদ্ধে দক্ষিণ শালমাৰাত আছুৰ সজাগতা সভা

ড্ৰাগছ, বাল্য বিবাহ, শিশু শ্ৰমিকৰ বিৰুদ্ধে দক্ষিণ শালমাৰাত আছুৰ সজাগতা সভা

ডিজিটেল সেবা, দক্ষিণ শালমাৰাঃ- ড্ৰাগছ, বাল্যবিবাহ আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আছুয়ে আজি দক্ষিণ শালমাৰাত এক সজাগতা সভা অনুষ্ঠিত কৰে।

    উল্লেখযোগ্য যে, জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি দিনৰ প্ৰায় ১১ বজাত দক্ষিণ শালমাৰা আৰ বি পি হায়াৰ চেকেণ্ডাৰী স্কুলত বাল্য বিবাহ, ড্ৰাগছ আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰা হয়। এই সজাগতা সভাত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা সহকাৰী আৰক্ষী অধীক্ষক দ্বয় নাইম উদ্দীন আৰু আঞ্চল শৰ্মাৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। হায়াৰ চেকেণ্ডাৰী খনৰ প্ৰায় ৫ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ উপস্থিতিত জিলা আয়ুক্ত আৰু উপ আৰক্ষী অধীক্ষকদ্বয়ে ড্ৰাগছ, বাল্যবিবাহ আৰু শিশু শ্ৰমিক বিৰোধী ভাষণ প্ৰদান কৰে। এই কাৰ্যসূচীত জিলা আছুৰ সভাপতি আব্দুল ৰেজ্জাক আৰু প্ৰাক্তন সভাপতি শ্বৰিফুল ইছলাম প্ৰধানীও উপস্থিত থাকি তিনিওটা বিষয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰী সকলক বিস্তাৰিত ভাবে ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰী সকলে বন্ধু-বান্ধৱ, ঘৰ আৰু ওচৰ-চুবুৰীয়াক সজাগ কৰিবলৈ আহ্বান জনায়। দক্ষিণ শালমাৰা-মানকাচৰ জিলা ছাত্ৰ সন্থাই প্ৰতি বছৰে বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ত এইদৰে বাল্য বিবাহ, ড্ৰাগছ আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে।  

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments