Monday, December 2, 2024
Google search engine
গৃহস্থানীয়ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত ১৮ টা চোৰাং গৰু জব্দ

ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত ১৮ টা চোৰাং গৰু জব্দ

ডিজিটেল ডেক্স, সুখচৰঃ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা আজি ১৫০ নং বেটেলিয়ান বিএছএফে দুটা পৃথক অভিযানৰ জৰিয়তে ১৮ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হৈছে।

    প্ৰাপ্ত বাতৰি মতে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ ছালাপাৰা বিএছএফ কেম্পৰ ১৫০ নং বেটেলিয়ান বিএছএফে নদী সীমান্তৰ পৰা ১৪ টা চোৰাং গৰু জব্দ কৰিছে। ছালাপাৰা বিএছএফে জব্দ কৰা চোৰাং গৰু কেইটা সুখচৰ আৰক্ষীক চমজাই দিছে। আনহাতে ধুবুৰীৰ চকীচৰ বিএছএফ কেম্পৰ ১৫০ নং বেটেলিয়ান বিএছএফে চকীচৰ এলেকাৰ পৰা ৪ টা চোৰাং গৰু জব্দ কৰিছে। চোৰাং পশুধন কেইটা সৰবৰাহকাৰীৰ দলে বাংলাদেশলৈ নিয়া অৱস্থাত বিএছএফে গৰু কেইটা জব্দ কৰিবলৈ সক্ষম হয় যদিও দুয়োটা অভিযানত সৰবৰাহকাৰীৰ দল বিএছএফৰ চকুত ধূলি দি পলায়ন কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments