Monday, September 16, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ ধানুৱাত নাৰী সবলীকৰণৰ ওপৰত বিশেষ সজাগতা

মানকাচৰৰ ধানুৱাত নাৰী সবলীকৰণৰ ওপৰত বিশেষ সজাগতা

ডিজিটেল সেৱা, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ধানুৱা গাঁও পঞ্চায়তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত আজি সবল নাৰী শক্তিশালী ভাৰত সংকল্প কাৰ্যসূচী ৰূপায়নৰ বাবে বিশেষ আইনী সজাগতা সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে, সবল নাৰী শক্তিশালী ভাৰত সংকল্প অভিযানৰ ১০০ দিনীয়া বিশেষ সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে জিলা আইন সেৱা প্ৰাধিকাৰীৰ সহযোগত জিলা মহিলা সবলীকৰণ বিভাগৰ লগতে মহিলা আৰু শিশু বিকাশ বিভাগৰ যৌথ উদ্যোগত ধানুৱা গাঁও পঞ্চায়তত বিশেষ আইনী সজাগতা সভা অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত জিলা সমাজকল্যাণ বিষয়া ইন্দ্ৰজিত দাস আৰু জিলা আইন সেবা প্ৰাধিকাৰীৰ উপপ্ৰধান আইনী সহায়তা প্ৰতিৰক্ষা অধিবক্তা মোঃ মুক্তাৰুজ্জামান সমল ব্যক্তি হিচাপে উপস্থিত থাকে। সজাগতা সভাখনত বাল্য বিবাহ প্ৰতিৰোধী আইন ২০০৬, শিশুৰ যৌন নিৰ্যাতন সুৰক্ষা আইন ২০১২, শিশু শ্ৰমিক প্ৰতিৰোধী আইন, অবৈধ মানৱ সৰবৰাহ আইন আৰু ৰেগিং বিৰোধী আইনৰ সম্পৰ্কে বিস্তৃতভাবে আলোকপাত কৰা হয়। একেদৰে ভূক্তভূগী সকলে দাখিল কৰা গোচৰৰ ক্ষেত্ৰত ন্যায় পাবলৈ আইনী যুঁজৰ ক্ষেত্ৰত জিলা আইন সেৱা প্ৰাধিকাৰীয়ে কিদৰে ভূক্তভূগী জনক বিনামূলীয়াকৈ সহায় কৰে তাক লৈও বিস্তাৰিত ভাৱে আলোচনা কৰা হয়। তদুপৰি নাৰী সবলীকৰণৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে নাৰী সকলৰ বাবে লোৱা আঁচনি সমূহ কিদৰে লাভ কৰিব পাৰি সেই সম্পৰ্কেও সভাখনত উপস্থিত ৰাইজক অৱগত কৰা হয়। অহা ৬ ছেপ্টেম্বৰত জিলাখনৰ সুখচৰ গাঁও পঞ্চায়ততো একেধৰনে বিশেষ আইনী সজাগতা সভা অনুষ্ঠিত কৰা হ’ব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments