Friday, October 18, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ কালাপানীত অঘটন ! পিক আপ ভানৰ পৰা পৰি এজনৰ মৃত্যু

মানকাচৰৰ কালাপানীত অঘটন ! পিক আপ ভানৰ পৰা পৰি এজনৰ মৃত্যু

ডিজিটেল ডেক্স, কালাপানী, ২ জুনঃ- শালমাৰা-মানকাচৰ জিলাৰ কালাপানী আৰক্ষী চকী এলেকাৰ অধীনস্থ চমৰাশালীত আজি দিনৰ প্ৰায় ২ বজাত পিক আপ ভেন এখনৰ পৰা এজন লোক পৰি গৈ মৃ্ত্যু মুখত পৰিছে। প্ৰাপ্ত বাতৰি মতে, এম এল ০৮ এইচ ৮৩৭০ নম্বৰৰ পিক আপ ভেন খন মেঘালয় দিশৰ পৰা হাটশিঙিমাৰী অভিমুখে আহি থকা অৱস্থাত জয়নাল আবেদিন নামৰ লোকজনে গাড়ীখন ৰখাই পিছফালে উঠি আহে। পিক আপ খন দ্ৰুতগতিত চমৰাশালী পোৱাৰ লগে লগে জয়নাল পিক আপখনৰ পৰা ৰাস্তাত পৰি গৈ থিতাতে মৃত্যু মুখত পৰে। কোকৰাঝাৰ জিলাৰ সাপকাটা থানা এলেকাৰ অধীনস্থ হাউৰীয়া অঞ্চলৰ জেহেদ আলীৰ পুত্ৰ জয়নাল আবেদিন (৪৪) ব্যৱসায় সুত্ৰে মানকাচৰৰ মানুল্ল্যাপাৰাত থকা শশুয়েকৰ ঘৰত বসবাস কৰিছিল। কালাপানী আৰক্ষীয়ে মৃতদেহটি উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে পিক আপ ভানখন জব্দ কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলত গভীৰ শোকৰ ছা পেলাইছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments