Thursday, November 21, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত মেঘালয়ৰ পানীৰ ঢল ! কালাপানীত উটুৱাই নিলে তিনিখন কাঠৰ দলং

মানকাচৰত মেঘালয়ৰ পানীৰ ঢল ! কালাপানীত উটুৱাই নিলে তিনিখন কাঠৰ দলং

ডিজিটেল ডেক্স, কালাপানী, ২ জুনঃ- চুবুৰীয়া ৰাজ্য মেঘালয়ত হোৱা বৰষুণৰ ফলত গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে মানকাচৰৰ পূৰ্বাঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ লগতে কালো নদীৰ ওপৰত থকা তিনিখনকৈ কাঠৰ দলং উটুৱাই নিয়ে।

    উল্লেখযোগ্য যে, ৰেমালৰ প্ৰভাৱৰ পিছত মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত যোৱা নিশাৰে হোৱা অতিপাত বৰষুণ ফলত গাৰো পাহাৰৰ পৰা মানকাচৰলৈ পানীৰ ঢল নামি আহিছে। গাৰো পাহাৰৰ পৰা বিশেষকৈ মানকাচৰৰ কালো নদী আৰু দোৰ্নী নদীৰে পানী ঢল নামি আহি পূৰ্বাঞ্চলৰ ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হয়। আজি কালাপানী এলেকাৰ ভিন্ন গাঁৱত কৃষি পথাৰত কৃত্ৰিম বানৰ সৃষ্টি হোৱাত কৃষক সকল কিছু পৰিমানে ক্ষতিগ্ৰস্ত হৈছে। ইফালে পানীৰ প্ৰৱল ঢল নামি অহাৰ ফলত পুৱা প্ৰায় ৪.৩০ বজাত মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনস্থ পানকাটা গাওঁ পঞ্চায়তৰ টেপৰপাৰাৰ এখন কাঠৰ দলং কালো নদীত উটি যায়। কালাপানী জিলা পৰিষদৰ পৰা কেবালাখ টকা ব্যায় সাপেক্ষে কোনোমতে নিৰ্মাণ কৰা কাঠৰ দলংখন এইদৰে উটি যোৱাৰ ফলত টেপোৰপাৰা এলেকাৰ লোক পানকাটা এলেকাৰ সৈতে যোগাযোগ বিছিন্ন হৈ পৰিছে। একেদৰে কালো নদীৰ ওপৰত থকা কালাপানীৰ টোপপাৰা-কাজিপুৰ সংযোগী দ্বিতীয়টো কাঠৰ দলং পুৱা প্ৰায় ৬.৩০ বজাত পানীৰ ঢলে উটুৱাই নিয়ে। কাজীপুৰ-টোপপাৰা সংযোগী দলংখন এইদৰে উটি যোৱাৰ ফলত কালাপানীৰ সৈতে ৭-৮ খনকৈ গাঁৱৰ যোগাযোগ বিছিন্ন হৈ পৰিছে। কালাপানীৰ কালো নদীৰ উত্তৰ পাৰে থকা ৭-৮ খন গাঁৱৰ ছাত্ৰ-ছাত্ৰীৰ লগতে হেজাৰ হেজাৰ লোক প্ৰতিদিনে কালাপানীত যাতায়ত কৰিব লাগে। আজি বিদ্যালয় বন্ধ থকাৰ বাবে যাতায়াতত প্ৰভাৱ পৰা নাই যদিও কাইলৈ বিদ্যালয় খোলাৰ পাচত শিক্ষাৰ্থী সকলে কিদৰে কালাপানীত অধ্যয়ন কৰা বিদ্যালয়ত পাঠগ্ৰহনৰ বাবে আহিব তাক লৈ গাওঁবাসী চিন্তিত হৈ পৰিছে। প্ৰৱল সোতৰ মাজত নাওঁ চলাচল কৰাটোও কোনো পদ্দে সম্ভৱ নোহোৱাত কালাপানীৰ কালো নদীৰ উত্তৰ পাৰে থকা ৭-৮ খনকৈ গাঁৱৰ ৰাইজে বজাৰলৈ যাবপৰা নাই বুলি স্থানীয় সুত্ৰে প্ৰকাশ কৰিছে।

    ইফালে কালাপানী আৰক্ষী চকীৰ সম্মুখত কালো নদীৰ ওপৰত থকা কালাপানী-লক্ষীশ্বৰীপ সংযোগী তৃতীয়খন কাঠৰ দলং আজি দিনৰ প্ৰায় ১.৪৫ বজাত মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ঢলে উটুৱাই নিয়ে। ফলত লক্ষীশ্বৰীফ, বৰবিলা এলেকা কালাপানীৰ সৈতে সম্পূৰ্ণৰূপে যোগযোগ বিছিন্ন হৈ পৰে। এই এলেকাৰ ছাত্ৰ-ছাত্ৰী সকলো কাইলৈ বিদ্যালয়ত উপস্থিত হোৱাত ভীষণ অসুবিধাৰ সম্মুখীন হ’ব বুলি স্থানীয় সুত্ৰে প্ৰকাশ কৰিছে।

    ইফালে পুৱাৰ ভাগত টেপৰপাৰা এলেকাত কালো নদীৰে এটা অচিনাক্ত মৃতদেহ উটি যোৱা একাংশ লোকে প্ৰত্যক্ষ কৰে। অৰ্ধ গলিত মৃতদেহটি মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ঢলৰ সৈতে উটি আহিছিল। কালো নদীৰ প্ৰৱল সোঁতৰ মাজত মৃতদেহটি ইতিমধ্যে বাংলাদেশ সীমান্ত অতিক্ৰম কৰিছে বুলি ধাৰনা কৰা হৈছে।

    লক্ষণীয় যে, প্ৰতি বছৰে মেঘালয়ৰ গাৰো পাহাৰত বৰষুণ হলে এইদৰে গাৰো পাহাৰৰ পৰা পানীৰ ঢল নামি আহি মানকাচৰৰ পূৰ্বাঞ্চলত ব্যাপক ভাৱে ক্ষতি সাধণ কৰে। বিশেষকৈ কৃষি পথাৰ, মাছপালকৰ পুখুৰী আদিত নষ্ট কৰাত হেজাৰ হেজাৰ লোক ক্ষতিগ্ৰস্থ হয়। আজি মেঘালয়ত বৰষুণ নোহোৱাৰ ফলত পানীৰ সোত কমিবলৈ ধৰাত পূৰ্বাঞ্চলৰ ৰাইজ কিছু পৰিমানে সকাহ লাভ কৰা পৰিলক্ষিত হৈছে।     মন কৰিবলগীয়া যে, কালো নদীৰ ওপৰত থকা কালাপানী-লক্ষীশ্বৰীফ সংযোগী কাঠ আৰু বাহেৰে নিৰ্মিত দলংখন উটি যোৱাৰ পূৰ্বে একাংশ স্থানীয় লোক দলংখনৰ ওপৰত উঠি পানীৰে উটি অহা খৰি সংগ্ৰহ কৰা দেখা গৈছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments