Saturday, July 27, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত লোক আদালত । ১ কোটি ৬ লাখ টকা সংগ্ৰহ

হাটশিঙিমাৰীত লোক আদালত । ১ কোটি ৬ লাখ টকা সংগ্ৰহ

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ-দক্ষিণ শালমাৰা মানকাচৰ জিলা আইন সেৱা প্ৰাধীকৰণৰ উদ্যোগত হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতত চৌহদত আজি অনুষ্ঠিত হোৱা লোক আদালতৰ জৰিয়তে ৯৩৮ টা গোচৰ নিষ্পত্তি হোৱাত ১ কোটি ৬ লাখ ৭২ হেজাৰ ৩৯৮ টকা সংগ্ৰহ হৈছে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে ফেকামাৰীস্থিত হাটশিঙিমাৰী জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালত চৌহত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় লোক আদালত । এই লোক আদালতত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্ৰান্তীয় গোচৰৰ লগতে পথ দুৰ্ঘটনা, বিভিন্ন বেংকৰ ঋণ আদিকে ধৰি বিভিন্ন গোচৰ ব্যয়হীনভাৱে খৰতকীয়াকৈ নিস্পত্তি কৰা হয় । তদুপৰি বেংকৰ লেন-দেন, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহ নিস্পত্তি কৰা হয়। এই লোক আদালতৰ জৰিয়তে ৬৫৭ টা বেংকৰ গোচৰৰ ভিতৰত ২২ টা গোচৰ নিষ্পত্তি হোৱাৰ বিপৰীতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ১৫০০ টা গোচৰৰ ভিতৰত ৬১২ টা গোচৰ নিষ্পত্তি কৰা হৈছে। একেদৰে ৭৯ টা ফৌচদাৰী গোচৰৰ ভিতৰত ১৮ টা গোচৰ নিষ্পত্তি হোৱাৰ লগতে বৈবাহিক সম্পৰ্কীয় ৭৬ টা গোচৰৰ ভিতৰত ৬ টা গোচৰ নিষ্পত্তি কৰা হৈছে। আনহাতে ১৩ টা অসামৰিক গোচৰৰ ভিতৰত ২ টা আৰু ৬৬৪ টা যান-বাহন আইন সম্পৰ্কীয় গোচৰৰ ভিতৰত ২৭৫ টা গোচৰ সম্পূৰ্ণৰূপে নিষ্পত্তি কৰা হয়। এইবেলি জিলাখনত নতুনকৈ এন আই আইন সম্পৰ্কীয় ৪ টা গোচৰত দুটা আৰু মটৰ দূৰ্ঘটনা দাবী ন্যায়াধিকৰণ (Motor Accident Claims Tribunal)ৰ ৩৫ টা গোচৰৰ ভিতৰত ১ টা গোচৰ নিস্পত্তি কৰা হৈছে।

লক্ষণীয় যে জিলাখনত মুঠ ২১৯০ টা প্ৰাক-মোকৰ্দমা গোচৰৰ গোচৰৰ ভিতৰত ৬৩৪ টা গোচৰৰ আজি নিষ্পত্তি হোৱাত এই গোচৰ কেইটাৰ পৰা মুঠ ৮৩ লাখ ৩৪ হেজাৰ ৬৯৮ টকা সংগ্ৰহ হৈছে। আনহাতে মুঠ ৮৭১ টা অমীমাংসিত গোচৰৰ ভিতৰত আজি ৩০৪ টা গোচৰ নিষ্পত্তি হোৱাত এই গোচৰ কেইটাৰ পৰা ২৩ লাখ ৩৭ হেজাৰ ৭০০ টকা সংগ্ৰহ হৈছে। আজি লোক আদালতৰ জৰিয়তে জিলাখনত মুঠ ৩০৬১ টা গোচৰৰ ভিতৰত মুঠ ৯৩৮ টা গোচৰ নিষ্পত্তি হোৱাত গোচৰ কেইটাৰ পৰা মুঠ ১ কোটি ০৬ লাখ ৭২ হেজাৰ ৭০০ টকা সংগ্ৰহ হৈছে বুলি হাটশিঙিমাৰী আইন সেৱা প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক মেহেবুবুল ইছলাম খিলজীয়ে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments