Saturday, July 27, 2024
Google search engine
গৃহস্থানীয়প্ৰাতঃভ্ৰমণ কৰোতে সাবধান ! মানকাচৰত মহিলাৰ মৃত্যু

প্ৰাতঃভ্ৰমণ কৰোতে সাবধান ! মানকাচৰত মহিলাৰ মৃত্যু

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ-দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ মহাম্মদ ফেকামাৰীত শনিবাৰে পুৱা প্ৰায় ৫ বজাত চোৰাং গৰুভৰ্তি পিক আপ ভান এখনৰ খুন্দাত প্ৰাতঃ ভ্ৰমণৰ বাবে ওলাই অহা এগৰাকী মহিলা মৃত্যুৰ মুখত পৰে।

উল্লেখযোগ্য যে হাটশিঙিমাৰী-মানকাচৰ এইচ এম পথত হাটশিঙিমাৰী দিশৰ পৰা মানকাচৰ অভিমূখে আহি থকা এম এল ০৮ জে ০১৩৩ নম্বৰৰ পিক ভানখনে দ্ৰুত গতিত আহি প্ৰাতঃ ভ্ৰমণৰ বাবে অহা মহিলাগৰাকীক খুন্দা মৰাত থিতাতে নিহত হয়। একেদৰে পিক আপ ভানখন ৰাস্তাৰ কাষত বাগৰি পৰাত ভানখনত থকা এটা গৰুৰ মৃত্যু হোৱাৰ লগতে আন ৪ টা গৰু আহত হয়।

মন কৰিবলগীয়া যে, গো মাফিয়াই সৰবৰাহকাৰীৰ জৰিয়তে ভানখনত ৫টা চোৰাং গৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা মানকাচৰৰ সীমান্তলৈ আনি আছিল। আৰক্ষীৰ পৰা বাচিবলৈ দ্ৰুত গতিত বাহনখন গৈ থকা অৱস্থাত দূৰ্ঘটনাগ্ৰস্ত হয়। আৰক্ষীয়ে ইতিমধ্যে পিক আপ ভানখন জব্দ কৰি চোৰাং গৰু কেইটা জব্দ কৰিছে।

দূৰ্ঘটনাৰ পাছত বাহনখনত থকা গো সৰবৰাহকাৰীৰ লগতে চালকজন পলায়ন কৰে। আৰক্ষীয়ে পঞ্জীয়ন নম্বৰৰ দ্বাৰা পিক আপ ভানখনৰ মালিকৰ নাম ইতিমধ্যে উদ্ধাৰ কৰি ঘটনাৰ তদন্ত চলাই আছে।

ইফালে আৰক্ষীয়ে ইতিমধ্যে নিহত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰিছে। এই ঘটনাই সমগ্ৰ জিলাখনত গভীৰ শোকৰ ছাঁ পৰিছে।

লক্ষণীয় যে, দীৰ্ঘদিনৰে পৰা জিলাখনত আৰক্ষীৰ চকুত ধূলি দি গোমাফিয়াই গোসৰবৰাহকাৰীৰ সহযোগত এইদৰে বাংলাদেশৰ সীমান্তলৈ পশুধন সৰবৰাহ কৰি আহিছে। বিশেষকৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশুধন আনি জমা কৰাৰ পাছত পুৱাতে পশুধনসমূহ বাহনযোগে মানকাচৰৰ বাংলাদেশ সীমান্তত আনি কেইবাটাও গোপন স্থানত ৰখাৰ পাছত নিশা সুযোগ বুজি আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈ গৰু সৰবৰাহ কৰা হয়।

মুঠৰ ওপৰত জিলাখনত চলি থকা পশুধনৰ চোৰাং সৰবৰাহক নিয়ন্ত্ৰণ কৰাত জিলাখনৰ আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ লগতে একাংশ আৰক্ষী পশুধনৰ চোৰাং কাৰবাৰত জড়িত থকাৰো তথ্য পোহৰলৈ আহিছে। গো-মাফিয়াৰ সন্ত্ৰাসৰ বাবে আজি এইদৰে মহিলাগৰাকী প্ৰাতঃ ভ্ৰমণৰ বাবে ঘৰৰ পৰা ওলাই আহি মৃত্যু মুখত পৰিবলগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments