Saturday, July 27, 2024
Google search engine
গৃহস্থানীয়কাইলৈ ভোটগ্ৰহন! মানকাচৰত ৩৪৭ টা ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচনৰ বাবে সাজু ১৩৮৮ গৰাকী...

কাইলৈ ভোটগ্ৰহন! মানকাচৰত ৩৪৭ টা ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচনৰ বাবে সাজু ১৩৮৮ গৰাকী প’লিং-প্ৰিজাইডিং বিষয়া

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ মঙলবাৰে পুৱা ৭বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ পৰা সোমবাৰে ৩৪৭ টা ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰিজাইডিং আৰু পুলিং বিষয়াসকলক ভোটগ্ৰহণৰ সামগ্ৰী বিতৰণ কৰা হৈছে।

জিলা প্ৰশাসনে সোমবাৰে পুৱা ৭ বজাত প্ৰিজাইডিং-পুলিং বিষয়া সকলক নিজৰ নিজৰ এলেকাৰ পৰা বাহনযোগে হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰত আনি নমাই দিয়াৰ পাচত পুৱা ৯ বজাৰ পৰা ভোটগ্ৰহনকাৰী বিষয়া সকলক ই.ভি.এম আৰু ভিভিপেডৰ লগতে ভোটগ্ৰহনৰ সামগ্ৰী বিতৰণ কৰা হয়।

বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী জিলাখনত ৩৪৭ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে ৭৪ টা ভোটগ্ৰহণ কেন্দ্ৰ অসুৰক্ষিত আৰু স্পৰ্শকাতৰ বুলি জিলা প্ৰশাসনে চিনাক্ত কৰিছে। অসুৰিক্ষত, স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰত জিলা প্ৰশাসনৰ পৰা অতিৰিক্ত নিৰাপত্তাৰ লগতে ওয়েৱ কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে জিলাখনত তিনিটা ভোটকেন্দ্ৰ চৰ এলেকাত। চৰ এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণকাৰী বিষয়াসকলৰ নিৰাপত্তা সুনিশ্চিত কৰি নাওযোগে প্ৰেৰণ কৰা হৈছে। জিলাখনত ৫ টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰাৰ লগতে ৬ টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ আৰু এটা শাৰিৰীক অক্ষম লোকৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে।

দিনৰ প্ৰায় ১২ বজাৰত প্ৰিজাইডিং আৰু প’লিং বিষয়াসকলে নিজৰ নিজৰ ভোটগ্ৰহন কেন্দ্ৰলৈ ৰওনা হয়। বিয়লি ৫ বজাৰ ভিতৰত প্ৰায় প্ৰতিখন ভোটগ্ৰহণ কেন্দ্ৰত বিষয়াসকল উপস্থিত হৈ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি চলাইছে। বিশেষকৈ জিলাৰ সদৰৰ কাষতে থকা শান্তিপুৰ এম ই মাদ্ৰাছা ভোটগ্ৰহন কেন্দ্ৰৰ আন্তগাঁথনি একেবাৰে নিম্নমানৰ। শান্তিপুৰ ভোটগ্ৰহণ কেন্দ্ৰত ১০০ শতাংশ ভোটদান হ’ব বুলি গাওঁখনৰ ৰাইজে আশা প্ৰকাশ কৰিছে।

জিলাখন আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী হোৱা বাবে কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলাখনত প্ৰায় প্ৰতিটো নিৰ্বাচনত ৯০ শতাংশৰ ওপৰত ৰাইজে ভোটদান কৰে। এইবেলিও ৰাইজে জিলাখনত ৯০ শতাংশৰ ওপৰত ভোটদান কৰিব বুলি জিলা প্ৰশাসনে আশা প্ৰকাশ কৰিছে। এই সন্দৰ্ভত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই জিলাবাসী ৰাইজক পুৱাৰে পৰা নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি গণতান্ত্ৰিক অধিকাৰ ব্যৱহাৰ কৰাৰ আহ্বান জনায়।

লক্ষণীয় যে, জিলাখনত এইবেলি ধুবুৰী লোকসভা সমষ্টিৰ অধীনস্থ ১১ নং মানকাচৰ বিধানসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। ২,৯৯,১৯২ গৰাকী ভোটাৰে মঙলবাৰে মানকাচৰ সমষ্টিত নিজৰ নিজৰ ভোটদান কৰিব পাৰিব। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১,৫০,৮৯৪ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ১,৪৮,২৯৪ গৰাকী। সমষ্টিখনত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৪ টা বুলি জিলা নিৰ্বাচনী বিষয়া কিশান চ’ৰৈ ত্ৰিপুৰাই জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments