Wednesday, October 15, 2025
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্ণা

হাটশিঙিমাৰীৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্ণা

সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বানত দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই আজি বিভিন্ন সমস্যা সমাধানৰ দাবীত পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখযোগ্য যে, হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কৰ্মচাৰী সকলে দীৰ্ঘদিনীয়া দাবী সমূহৰ স্থায়ী সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন কৰে। জিলা আয়ুক্তৰ কাৰ্যালয় অধীনৰ কৰ্মচাৰী সকলক সুকীয়া দৰমহা গাঠনি প্ৰদান কৰা, জিলা আয়ুক্তৰ কাৰ্যালয়ত অধীক্ষক আৰু গাণনিকৰ পদ সৃষ্টি কৰা আৰু মুখ্য সহায়কৰ পদ বৃদ্ধি কৰাৰ লগতে জাৰি কাৰক সকলকো অতিৰিক্ত ৩ শতাংশ দৰমহা প্ৰদান কৰাৰ দাবী তোলে। একেদৰে নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তন কৰাৰ বাবেও জিলা প্ৰসাশন কৰ্মচাৰী সন্থাই দাবীত উত্থাপন কৰি ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে। কাইলৈ হাটশিঙিমাৰী জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উদ্বোগত পুৱা ১০ বজাৰ পৰা দূপৰীয়া ১২ বজালৈ পুনৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হ’ব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments