Sunday, May 4, 2025
Google search engine
গৃহস্থানীয়জামাদাৰহাটত প্লেটফৰ্মৰ ভূমি বেদখল ! হাবেজ উদ্দীনৰ স্পষ্টীকৰণ

জামাদাৰহাটত প্লেটফৰ্মৰ ভূমি বেদখল ! হাবেজ উদ্দীনৰ স্পষ্টীকৰণ

ফকিৰগঞ্জ থানা এলেকাৰ অধীনস্থ জামাদাৰহাট গাওঁ পঞ্চায়তৰ মাথাকাটা বানাচাপাত চৰকাৰী প্লেটফৰ্ম দুগৰাকী ব্যক্তিয়ে বেদখল কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি ধুবুৰী জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে। এই অভিযোগৰ পাচত কালি দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা তিনিগৰাকী লাট মণ্ডলৰ দল এটা ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ৰাইজৰ এই অভিযোগক লৈ একাংশ সংবাদ মাধ্যমত ভূমি বেদখলৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচত হাবেজ উদ্দীন নামৰ অভিযুক্ত লোকজনে আজি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৩১০ আৰু ৩১১ নম্বৰ দাগৰ ভূমি বেদখল হোৱা বুলি একাংশ ৰাইজে অভিযোগ তুলিছে যদিও ৩১১ নম্বৰ দাগৰ ভূমিখিনি হাবেজ উদ্দীনৰ পৈত্ৰিক সম্পত্তি বুলি দাবী কৰিছে। ১৯৮৮ চনতে তেওঁৰ নামত ভূমিখিনি নামজাৰি হোৱা বুলিও তেওঁ দাবী কৰিছে। হাবেজ উদ্দীনৰ নামত ৰাইজে মিছা অভিযোগ অনা বুলি দাবী কৰিছে। বিষয়টোক লৈ পৰৱৰ্তী সময়ত ৰাইজে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments