ঘগ্ৰাপাৰৰ অৱসৰপ্ৰাপ্ত গ্ৰামসেৱক ছিদ্দিক আলীৰ ইহলীলা । অঞ্চলজুৰি শোকাকুল পৰিবেশ।

0
47

নলবাৰীৰ প্ৰতিবেদক, ১০ অক্টোবৰঃ- দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা ঘগ্ৰাপাৰৰ অৱসৰপ্ৰাপ্ত গ্ৰামসেৱক ছিদ্দিক আলীৰ সোমবাৰে বিয়লি ইহলীলা সম্বৰণ কৰাত অঞ্চলজুৰি গভীৰ শোকৰ ছা পৰিছে। উল্লেখযোগ্য যে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহচক্ৰৰ অন্তৰ্গত স্বৰ্গীয় গফুৰ আলী আৰু মাতৃ স্বৰ্গীয় গোলচান বিবিৰ পুত্ৰ চাৰি নম্বৰ সন্তান ছিদ্দিক আলী।

আলীয়ে ১৯৬২ চনত বড়িগাঁৱত জন্ম গ্ৰহণ কৰি উচ্চশিক্ষা লাভ কৰি চৰকাৰীভাৱে গ্ৰামসেৱকৰ পদত অধিষ্ঠিত হৈছিল। চাকৰি সূত্ৰে সোনাপুৰ, তামোলপুৰ আৰু নলবাৰীৰ বড়িগোগ বনভাগ উন্নয়ন খণ্ড ঘগ্ৰাপাৰত গ্ৰামসেৱকৰ পদত সেৱা আগবঢ়ায়ছিল আলীয়ে।

দীৰ্ঘদিন চাকৰি কৰি ছিদ্দিক আলী হঠাৎ অসুস্থ হৈ এক জটিল ৰোগত আক্ৰান্ত হৈ পৰে। উন্নতমানৰ চিকিৎসা গ্ৰহণ কৰি কিছুবছৰ সুস্থ হৈ উঠিছিল যদিও অৱশেষত কালি বিয়লি নিয়তীৰ ওচৰত হাৰ মানিলে আলীয়ে। নলবাৰীৰ নিজ বাসগৃহত সোমবাৰে আবেলি ৪ বজাত ইহলীলা সম্বৰণ কৰে ছিদ্দিক আলীয়ে।

গ্ৰামসেৱকৰ পদত অধিষ্ঠিত হৈ সোণাপুৰ, তামোলপুৰৰ লগতে ঘগ্ৰাপাৰৰ ৰাইজৰ কাষত থাকি নীতিগত ভাৱে ভালেসংখ্যক ৰাইজক সদায় সকাহ দিয়াৰ লগতে সহায়-সহযোগ আগবঢ়াইছিল আলীয়ে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬২ বছৰ।

তেখেতৰ মৃত্যুত ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিকে ধৰি বিভিন্ন দ’ল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুই পুত্ৰ সন্তানক ইহসংসাৰত এৰি থৈ যায়। আজি তেওৰ নশ্বৰ দেহৰ ওচৰত থিয় দি অলেষ গুণমুগ্ধই শেষ বিদায় জনাই। আজি তেওঁৰ জানাযা জন্মগৃহ বড়িগাঁৱৰ ৰাজহুৱা কবৰস্থানত সম্পন্ন কৰা হয়।