সৰু আই বেমাৰত আক্ৰান্ত মানকাচৰৰ তিনি গাওঁৰ ২৬টি শিশু, এজনৰ মৃত্যু

0
109

২৩ মাৰ্চত হাটশিঙিমাৰীৰ বেপাৰীপাৰাত মুছকান নামৰ এটি ৬ মহীয়া কেচুৱা মিজিলছ অৰ্থাত সৰু আইৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰাৰ পাচত দক্ষিণ শালমাৰা-মানকাচৰ জিলা স্বাস্থ্য বিভাগ ততপৰ হৈছে। জিলাখনৰ বেপাৰীপাৰাত স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী তথা আশাকৰ্মী সকলে ঘৰে ঘৰে গৈ শিশু সকলক স্বাস্থ্য পৰীক্ষা কৰি ভিটামিন এ প্ৰদান কৰাৰ লগতে টীকাকৰণ প্ৰদানৰ বিষয়ে বুজ লয়। কোনো এখন গাঁওত সৰু আই বেমাৰ হৈ কোনো শিশুৰ মৃত্যু হলে সেই গাওঁখনৰ আন শিশু সকল এই বেমাৰত আক্ৰান্ত হোৱাৰ সম্ভাবনা থাকে। একেদৰে কোনো গাওঁত যদি ৫ জনতকৈ অধিক শিশু এই ৰোগত আক্ৰান্ত হয় তেন্তে সেই গাওঁখনৰ আন শিশু সকলো এই বেমাৰত আক্ৰান্ত হোৱাৰ সম্ভাবনা যথেষ্ট। বিষয়টোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি জিলা প্ৰশাসনৰ সহযোগত আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলা স্বাস্থ্য বিভাগে বেপাৰীপাৰাত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলে ঘৰে ঘৰে গৈ শিশু সকলক ভিটামিন এ প্ৰদান কৰে। জিলাখনৰ মানুল্ল্যাপাৰা গাওঁ পঞ্চয়াতৰ অধীনত থকা বামুনপাৰা, বাঘাপাৰা গাওঁ পঞ্চায়তৰ অধীনত থকা বাঘাপাৰা গাওঁতো এই ৰোগত ৫ জনতকৈ অধিক শিশু আক্ৰান্ত হোৱাত উক্ত গাওঁ দুখনতো স্বাস্থ্য বিভাগে একে ধৰনৰ কাৰ্যসূচী ৰূপায়ন কৰিছে। লক্ষণীয় যে জিলাখনত এতিয়ালৈ মুঠ ২৬ টা শিশু এই সৰু আই বেমাৰত আক্ৰান্ত হৈছে। ইয়াৰ এটি ৬ মহীয়া শিশু মৃত্যু মুখত পৰাৰ লগতে বাকী ২৪ টি শিশু স্বাস্থ্য বিভাগৰ চিকিতসাৰ পাচত আৰোগ্য লাভ কৰিছে। আজি নতুনকৈ এটি শিশু এই সৰু আই বেমাৰত আক্ৰান্ত হৈ থকাত তেওঁক স্বাস্থ্য বিভাগে চিকিতসা চলাই থকা হৈছে বুলি জিলা টিকাকৰণ বিষয়া ডাঃ ছিৰাজুল ইছলামে জানিবলৈ দিছে।

(২) মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী সদৰটিলাত আজি পুৱতি নিশা ৪৫ নং বেটেলিয়ান বিএছএফে ১ কেজি ওজনৰ ভাং জব্দ কৰিছে। জব্দ কৰা ভাং খিনি চোৰাং সৰবৰাহকাৰীয়ে কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ সৰবৰাহ কৰি থকা অৱস্থাত টহলধাৰী বিএছএফ জোৱানে জব্দ কৰে বুলি জানিব পৰা গৈছে।