Tuesday, October 14, 2025
Google search engine
গৃহস্থানীয়মানকাচৰতো ২৮২৯০ গৰাকী হিতাধিকাৰীৰ বাবে মুকলি হ'ল অৰুণোদয় ৩.০

মানকাচৰতো ২৮২৯০ গৰাকী হিতাধিকাৰীৰ বাবে মুকলি হ’ল অৰুণোদয় ৩.০

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো আজি অৰুনোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ কৰা হয়। গুৱাহাটী খানাপাৰাৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি আঁচনি খন আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। মানকাচৰত ১৭১ খন ভোট গ্ৰহণ কেন্দ্ৰত জিলা প্ৰশাসনে মুখ্যমন্ত্ৰীৰ এই আঁচনি শুভাৰম্ভ অনুষ্ঠান টেলিভিছনৰ জৰিয়তে পোনপটীয়াকৈ হিতাধিকাৰীক চোৱাৰ ব্যৱস্থা কৰে। মানকাচৰত অৰুনোদয় ৩.০ আঁচনিৰ অধীনত ২৮২৯০ গৰাকী হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হৈছে। আজিয়ে হিতাধিকাৰী সকলে এই আঁচনিৰ কিস্তিৰ ধন লাভ কৰিব । বৰাইৰ আলগা এম ই স্কুলত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ শুভাৰম্ভ অনুষ্ঠান পোনপটীয়া সম্প্ৰচাৰ যোগে উপভোগ কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments