ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ মানকাচৰৰ সুখচৰ থানা এলেকাৰ অধীনস্থ বেৰাভাঙা গাঁৱৰ ইউনুচ আলীৰ ৫ বছৰীয়া শিশু মিজানুৰ ৰহমান যোৱা তিনিদিন পূৰ্বে ব্ৰহ্মপুত্ৰৰ পানীত পৰি নিখোজ হৈ আছে। তেতিয়াৰ পৰাই দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষ আৰু এছডিআৰএফ বাহিনীয়ে আৰক্ষীৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। তিনিদিনে শিশুটি বহ্মপুত্ৰত সন্ধানহীন হৈ থকা ঘটনাক লৈ পৰিয়ালৰ লগতে অঞ্চলটোত গভীৰ শোকৰ ছা পেলাইছে। ২ অক্টোবৰৰ বিয়লি প্ৰায় ৪ বজাত ব্ৰহ্মপুত্ৰৰ পাৰত পিতৃ ইউনুছ আলী তৰ্জাৰে বেৰ নিৰ্মাণৰ কাম কৰি থকা অৱস্থাত শিশুটি পিতৃৰ কাষত আহি খেলি থকা অৱস্থাত ব্ৰহ্মপুত্ৰৰ পানীত পৰি নিখোজ হৈ পৰে। আজি বিয়লি ৫ বজালৈ শিশুটিক কোনো সম্ভেদ লাভ কৰা নাই এছডিআৰএফ বাহিনীয়ে। কাইলৈ পুনৰ শিশুটিক বিচাৰি সুখচৰ এছডিআৰএফ-দূৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষই উদ্ধাৰ অভিযান চলাব বুলি জানিব পৰা গৈছে।