Tuesday, October 14, 2025
Google search engine
গৃহস্থানীয়উচ্ছেদক সমৰ্থন মানকাচৰ জিলা বিজেপিৰ ! মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কাৰ্যসূচী ৰূপায়ন

উচ্ছেদক সমৰ্থন মানকাচৰ জিলা বিজেপিৰ ! মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কাৰ্যসূচী ৰূপায়ন

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ নিৰ্দেশত গোৱালপাৰা, ধুবুৰী, পাইকানকে ধৰি বিভিন্ন এলেকাত চলি থকা উচ্ছেদৰ সপক্ষে আজি ৰাজ্যজুৰি জিলাই জিলাই ওলাই আহিল বিজেপি নেতা-কৰ্মী। বিজেপিয়ে বিশেষকৈ বেদখলকাৰীৰ কবলত থকা চৰকাৰী মাটি উচ্ছেদ কৰা বিষয়টো পূৰ্ণ সমৰ্থন জনাই আজি মানকাচৰ জিলা বিজেপিৰ পৰা জিলাৰ সদৰ হাটশিঙিমাৰীত সমৰ্থন শোভাযাত্ৰা কাৰ্যসূচী উলিওৱা হয়।

জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ সাহা আৰু প্ৰাক্তন সভাপতি আলতাফ হুছেইনৰ নেতৃত্বত শতাধিক বিজেপি নেতা-কৰ্মীয়ে হাতে হাতে প্লে’কাৰ্ড আৰু বেনাৰ লৈ বিজেপি কাৰ্যালয়ৰ পৰা শোভাযাত্ৰা উলিয়ায়। ৰাজ্যৰ উচ্ছেদৰ ঘটনাক সমৰ্থন জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কাৰ্যসূচী ৰূপায়ন কৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিয়ে। 

জিলা বিজেপিৰ নেতা-কৰ্মীসকলে জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সম্মুখৰ পৰা শোভাযাত্ৰা উলিয়াই জিলাৰ সদৰ হাটশিঙিমাৰীৰ মূল মূল পথ সমূহ পৰিভ্ৰমণ কৰি পুনৰ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সম্মুখত সমবেত হৈ উচ্ছেদৰ সমৰ্থনত বিভিন্ন শ্লোগান দিয়ে বিজেপি-নেতা কৰ্মীসকলে। 

লক্ষণীয় যে, মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কাৰ্যসূচীৰ অন্তত জিলা বিজেপিৰ প্ৰাক্তন সভাপতি আলতাফ হুছেইন, বৰ্তমান সভাপতি ৰঞ্জিত কুমাৰ সাহা আৰু সাধাৰণ সম্পাদক আব্দুল আলিম মোল্লা কয় যে,  আন আন জিলাৰ দৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো প্ৰায় ৮ হেজাৰ চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত আছে। বেদখলকাৰীৰ কবলত থকা চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ বিজেপি নেতাসকলে মুখ্যমন্ত্ৰীক এই ধন্যাবাদ জ্ঞাপন কাৰ্যসূচীৰ জৰিয়তে আহ্বান জনায়। 

মন কৰিবলগীয়া বিষয় এয়া যে, ইফালে উচ্ছেদৰ বাবে একাংশ পৰিয়াল গৃহহীন হৈ পৰাত বিভিন্ন দল-সংগঠনে উচ্ছেদ কাৰ্যসূচীক অমানবীয় বুলি দাবী কৰাৰ বিপৰীতে আজি বিজেপিয়ে জিলায় জিলায় উচ্ছেদৰ সপক্ষে ওলাই অহা কাৰ্যসূচীক লৈ মানকাচৰত একাংশ জনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। 

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments