মানকাচৰত পুনৰ বাল্য বিবাহ বিৰোধী অভিযান । স্বামী, অভিভাৱক, কাজী সহ আটক ৪১ জন
ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰতো নিশা চলিল বাল্য বিবাহ বিৰোধী অভিযান
জিলাখন বাল্য বিবাহত জৰিত অভিভাৱক, স্বামী আৰু কাজী সহ মুঠ ৪১ জনক আটক কৰা হৈছে
জিলাখনৰ মানকাচৰ থানাত ১১ জন, কালাপানী আৰক্ষী চকী, দক্ষিণ শালমাৰা থানা আৰু সুখচৰ থানা ৬ জনকৈ মুঠ ১৮ জন, বন্দিহানা আৰক্ষী চকীত ২ জন, ফকিৰগঞ্জ থানাত ৩ জন আৰু খাৰুৱাবান্ধা আৰক্ষী চকীত ৭ জনক আটক কৰা হৈছে
নিশা জিলাখনৰ প্ৰতিটো থানা এলেকাত আৰক্ষীয়ে চলাইছিল বাল্যবিবাহ বিৰোধী অভিযান
মানকাচৰ থানাত এজন কাজীক আটক কৰা হৈছে
আটকাধীন স্বামী, অভিভাৱক, কাজীক জেৰা চলাই থকা হৈছে